শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Mithun Rashifal 2026: মিথুন ৰাশিৰ বাবে কেনে হ’ব নতুন বছৰ? টকা-পইচা, সম্পৰ্ক, কেৰিয়াৰ সকলো জানক…

Mithun Rashifal 2026: ২০২৬ চনটোলৈ প্ৰায় সকলোৰে নিজা নিজা আশা আছে। জ্যোতিষ শাস্ত্ৰৰ দিশৰ পৰা এই বছৰটি বিশেষ। আপোনাৰ ৰাশি কি? মিথুন ৰাশিৰ বাবে বছৰটি কেনে যাব? জানক সমগ্ৰ বছৰটিৰ বাবে মিথুন ৰাশিৰ ৰাশিফল।

Mithun Rashifal 2026: মিথুন ৰাশিৰ বাবে কেনে হ’ব নতুন বছৰ? টকা-পইচা, সম্পৰ্ক, কেৰিয়াৰ সকলো জানক…
মিথুন ৰাশিফল ২০২৬Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 31 Dec 2025 18:35 PM

আত্মবিকাশ, যোগাযোগ দক্ষতা, আৰু দীৰ্ঘম্যাদী স্থিতিশীলতাৰ ওপৰত গুৰুত্ব দি মিথুন ৰাশি (Mithun Rashi) নতুন বছৰত প্ৰৱেশ কৰিব। বছৰৰ প্ৰথম অৱস্থা আত্মনিৰীক্ষণ আৰু সিদ্ধান্ত গ্ৰহণৰ যোগ আছে, কিয়নো বৃহস্পতিৰ বক্ৰী গতিয়ে পুৰণি অগ্ৰাধিকাৰ আৰু দৃষ্টিভংগীৰ পুনৰ পৰীক্ষাৰ বাবে প্ৰেৰণা দিব। মাৰ্চত বৃহস্পতি প্ৰত্যক্ষ হ’লে আত্মবিশ্বাস, যোগাযোগ কৌশল ভাল হ’ব। যেতিয়া বৃহস্পতি কৰ্কট আৰু সিংহ ৰাশিত প্ৰৱেশ কৰিব তেতিয়া আৱেগিক নিৰাপত্তা, সৃষ্টিশীলতা, আৰু সামাজিক বিকাশ বৃদ্ধি পাব। প্ৰতিটো পৰিৱৰ্তনে নতুন প্ৰেৰণা দিব।

কেৰিয়াৰ

মাৰ্চৰ পাছত কেৰিয়াৰত দ্ৰুতগতিত উন্নতি হ’ব। প্ৰথম মাহকেইটাত বৃহস্পতি বক্ৰী হৈ থকাৰ ফলত পৰিকল্পনা আৰু কেৰিয়াৰৰ দিশৰ পুনৰ বিবেচনা কৰিব, এনে অৱস্থাত অগ্ৰগতি লেহেমীয়া হ’ব। বৃহস্পতি প্ৰত্যক্ষভাৱে ঘূৰাৰ লগে লগে দ্ৰুতগতিত উন্নতি হ’ব। নতুন চাকৰি, নেতৃত্বৰ সুযোগ, যোগাযোগ ভিত্তিক পদ আদি মুকলি হ’ব।

জুনত বৃহস্পতি কৰ্কটত প্ৰৱেশ কৰিলে দলীয় কাম,অংশীদাৰিত্ব, আৰু সহযোগিতাৰ দ্বাৰা উপকৃত হ’ব।  দীৰ্ঘম্যাদী অংশীদাৰিত্বৰ দ্বাৰা লাভ পাব পাৰে। মীন ৰাশিত শনিয়ে আপোনাৰ কেৰিয়াৰৰ লক্ষ্যত অনুশাসন আৰু শক্তি প্ৰদান কৰিব। অক্টোবৰত বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিলে সৃষ্টিশীল ক্ষেত্ৰ,সংবাদ মাধ্যম, ডিজিটেল কাম, শিক্ষা, উদ্যোগীকৰণৰ সৈতে জড়িতসকলৰ বাবে শুভ হ’ব। এই বছৰত দীৰ্ঘম্যাদী কেৰিয়াৰৰ পৰিৱৰ্তন আৰু উন্নতিৰ বাবে ডাঙৰ সুযোগ লাভ কৰিব।

আৰ্থিক অৱস্থা

বছৰৰ আৰম্ভণিত আৰ্থিক অৱস্থা সামান্য ভাল বেয়া হ’ব পাৰে। গতিকে খৰচত গুৰুত্ব দিয়া প্ৰয়োজন। মাৰ্চৰ পাছত পৰিস্থিতি কিছু ভাল হ’ব। আৰ্থিক দিশত সিদ্ধান্ত ভাল হ’ব। কৰ্কটত বৃহস্পতিৰ প্ৰৱেশে যোগাযোগ ভিত্তিক কাম, অংশীদাৰিত্ব, আৰু সম্পত্তিৰ পৰা আয় বৃদ্ধি কৰিব। জুলাই মাহৰ শেষৰ পৰা শনি বক্ৰী হলে আয়ৰ ক্ষেত্ৰত কিছু সমস্যা আহিব পাৰে। অক্টোবৰত বৃহস্পতি সিংহ ৰাশিত প্ৰৱেশ কৰিলে সৃষ্টিশীল কাম, ব্যৱসায় আদিত আয় বাঢ়িব।

স্বাস্থ্য

বৃহস্পতি বক্ৰী থকা অৱস্থাত স্বাস্থ্যত গুৰুত্ব দিব। বছৰৰ আৰম্ভণিত মানসিক সমস্যা আহিব পাৰে। মাৰ্চত বৃহস্পতি প্ৰত্যক্ষ হ’লে শক্তি আৰু আবেগিক স্থিৰতা লাভ কৰিব। কৰ্কটত বৃহস্পতিৰ প্ৰৱেশে ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু মানসিক শান্তি শক্তিশালী কৰিব। মংগল গ্ৰহৰ ৰাশি পৰিৱৰ্তে মাজে মাজে ভাগৰুৱা, অধৈৰ্য কৰি তুলিব পাৰে। মীন ৰাশিত শনি থাকিলে ধ্যান, অনুশাসিত ৰুটিন, ভাল টোপনিৰ জৰিয়তে দীৰ্ঘম্যাদী স্বাস্থ্য শক্তিশালী কৰিব। বছৰৰ শেষত বৃহস্পতি বক্ৰী হলে স্বাস্থ্যত গুৰুত্ব দিয়া প্ৰয়োজন।

সম্পৰ্ক

জুনৰ পাছত সম্পৰ্ক ভাল হ’ব আৰু সহযোগিতা বাঢ়িব। কৰ্কটত বৃহস্পতিৰ প্ৰৱেশে আবেগিক সংযোগ আৰু স্থিৰতা শক্তিশালী কৰিব। বছৰৰ প্ৰথম অৱস্থাত পুৰণি সমস্যা সমাধান হ’ব পাৰে। মংগলে মাজে মাজে সম্পৰ্কত সমস্যা আনিব পাৰে। সম্পৰ্কত স্পষ্ট যোগাযোগৰ প্ৰয়োজন হ’ব। মীন ৰাশিত শনিয়ে ধৈৰ্য্য, বিশ্বাস আৰু বুজাবুজি প্ৰদান কৰিব, সম্পৰ্ক শক্তিশালী কৰিব। বছৰৰ শেষলৈ সম্পৰ্ক ভাল হ’ব।

শিক্ষা

মাৰ্চৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰগতি লাভ কৰিব। মনোযোগ বৃদ্ধি পাব আৰু যোগাযোগ, লেখা, বিশ্লেষণ, ব্যৱসায়, আৰু সৃষ্টিশীল ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰে। কৰ্কটত বৃহস্পতিৰ প্ৰৱেশে স্মৃতিশক্তি ভাল কৰিব। অক্টোবৰত সিংহত প্ৰৱেশ কৰাৰ পাছত আত্মবিশ্বাস বৃদ্ধি পাব। বছৰটোত প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা পাব পাৰে।

উন্নত ভৱিষ্যতৰ বাবে কি কৰিব

  • প্ৰতিদিনে ওম বুধায় নমঃ জপ কৰক
  • বুধবাৰে সেউজীয়া চাকি জ্বলাব
  • আৰ্তজনক সেউজীয়া ফল  দান কৰক
  • ধ্যান কৰক।
  • অধিক জানিবলৈ জ্যোতিষীৰ পৰামৰ্শ লওক।

 

(ওপৰোক্ত লেখাটো জ্যোতিষ শাস্ত্ৰৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ বৃষ ৰাশিৰ বাবে কেনে হ’ব নতুন বছৰ? কেৰিয়াৰৰ পৰা সম্পৰ্কলৈ, জানক সকলো…