শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg death: জুবিন এজনেই! আগন্তুক ৫০-১০০ বছৰলৈ এই দৃশ্য আৰু নেদেখিব অসমীয়াই…

Zubeen garg death: জুবিন গাৰ্গক হেৰুৱাই কান্দিছে সমগ্ৰ অসমীয়া। অসম আজি শোকস্তব্ধ। গুৱাহাটীৰ ৰাজপথত আজি লাখ লাখ মানুহ। আজি গুৱাহাটীৰ যি দৃশ্য সেই দৃশ্য হয়তো আৰু ৫০-১০০ বছৰলৈ অসমীয়াই নেদেখিব।

barasha-sarma
Barasha Sarma | Published: 21 Sep 2025 18:39 PM
বৰ্তমান শোকস্তব্ধ ৰাজ্য। মৰমৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই আজি কেৱল অসমীয়াই কান্দিছে। কাৰ চকুত নাই আজি চকুপানী। ২১ ছেপ্টেম্বৰৰ পুৱা জুবিনৰ পাৰ্থিৱ শৰীৰ অসম পায়। তাৰ পাছতে তেওঁৰ মৃতদেহ প্ৰথমে কাহিলীপাৰালৈ আৰু পাছত সৰুসজালৈ লৈ যোৱা হয়।

1 / 5
কিন্তু কালিৰ পৰা আজিলৈ বিশ্ববাসীয়ে গুৱাহাটীৰ যি দৃশ্য দেখিলে সেয়া দেখি আচৰিত সকলো। জুবিনৰ মৃত্যুৰ পাছতে যেন ৰৈ গৈছে আকাশ-বতাহ, আৰু মানুহৰ হেঁপাহৰ ক্ষণ। লাখ লাখ মানুহে ভিৰ কৰিছে গুৱাহাটীৰ ৰাজপথ। সকলো ফালে মানুহ আৰু মানুহ। সকলোৱে কেৱল কান্দিছে আৰু অপেক্ষা কৰিছে হেঁপাহৰ শিল্পীক শেষৰবাৰৰ বাবে চোৱাৰ।

2 / 5
অনুমান অনুসৰি আজি গুৱাহাটীত প্ৰায় ৮-৯ লাখ লোক ভিৰ কৰে। যোৱা প্ৰায় দুটা দিনা ধৰি জুবিনৰ অনুৰাগীসকলে তেওঁক চোৱাৰ বাবে অপেক্ষা কৰি আছে। শনিবাৰে ওৰে ৰাতি বহু জুবিন অনুৰাগীয়ে ৰাজপথত কটায়। আজি পুৱাৰ ভাগত গুৱাহাটীত তীব্ৰ গৰম আছিল। কিন্তু তাৰ পাছতো অনুৰাগীয়ে ঠাই এৰি যোৱা নাছিল।

3 / 5
বহু অনুৰাগীৰ স্বাস্থ্যজনিত সমস্যা পৰ্যন্ত দেখা দিয়ে। যাৰ বাবে বহুতক হাস্পাতালত ভৰ্তি কৰোৱা হয়। এতিয়াও সৰুসজাইত আছে লাখ লাখ অনুৰাগীয়। সকলোৱে গামোচা, ফুল আদিৰে জুবিনক জনাইছে শেষ শ্ৰদ্ধা।

4 / 5
জুবিনৰ প্ৰতি মৰম দেখি স্তম্ভিত হৈ পৰিছে সমগ্ৰ বিশ্ব। আজি বিশ্বৰ চকু যেন জুবিনে কাঢ়ি লৈছে। সম্ভৱতঃ অতি সোনকালে আৰু অসমত দ্বিতীয়জন জুবিন নোলাব। মানুহে কৈছে, অন্ততঃ আগন্তুক ৫০-১০০ বছৰলৈ অসমীয়াই আৰু অসমত এই দৃশ্য দেখা নাপাব। কিয়নো ভূপেন হাজৰিকা এজনেই আছিল, ঠিক তেনেকৈ জুবিনো আছিল মাত্ৰ এজন।

5 / 5