শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg last rites: মঙলবাৰে কিমান সময়ত আৰু কেনেদৰে হ’ব জুবিন গাৰ্গৰ শেষকৃত্য?

Zubeen Garg last rites: মঙলবাৰে অনুষ্ঠিত হ'ব অসমীয়াৰ বুকুৰ আপোন শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া। তাৰ পূৰ্বে কৰা হ'ব মৰণোত্তৰ পৰীক্ষা। চাওক কেতিয়া ক'ত হ'ব জুবিন গাৰ্গৰ শেষকৃত্য।

raj-saikia
Raj Saikia | Updated On: 22 Sep 2025 20:29 PM
মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

1 / 8
ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য কৰা হ'ব জুবিন গাৰ্গৰ। শেষকৃত্যৰ স্থানত একেলগে প্ৰায় ৬ হাজাৰ মানুহ সমবেত হ'ব পাৰিব। ইতিমধ্যে সকলো ব্যৱস্থা সাজু কৰি তুলিছে চৰকাৰ তথা প্ৰশাসনে।

2 / 8
শেষকৃত্যৰ পূৰ্বে কালিলৈ পুৱা ৭.৩০ বজাত কৰা হ'ব জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা। অসমৰ ৰাইজে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত মৰণোত্তৰ পৰীক্ষাৰ দাবী তুলিছিল। তাৰ প্ৰতি সঁহাৰি জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

3 / 8
এইমছৰ চিকিৎসকৰ উপস্থিতিত জি এম চি এইচত কৰা হ'ব মৰণোত্তৰ পৰীক্ষা। ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে পৰিয়ালৰ পৰা লোৱা হৈছে অনুমতি। পুৱা সৰুসজাইৰ পৰা জি এম চি এইচলৈ লৈ যোৱা হ'ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

4 / 8
মৰণোত্তৰ পৰীক্ষাৰ অন্তত জুবিন গাৰ্গৰ নশ্বৰ দেহ সমাধিক্ষেত্ৰলৈ লৈ যোৱা হ'ব। ৰাজ্যৰ বিভিন্ন স্থানত প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হ'ব শেষকৃত্য অনুষ্ঠান। সমগ্ৰ ৰাজ্যতে মঙলবাৰৰ দিনটোত ড্ৰাই ডে' ঘোষণা কৰা হৈছে।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

5 / 8
ইতিমধ্যে জুবিন গাৰ্গৰ শেষকৃত্য উপলক্ষে মঙলবাৰৰ দিনটোও ৰাজ্যিক বন্ধ ঘোষণা কৰা হৈছে। বন্ধ থাকিব সকলো চৰকাৰী শিক্ষানুষ্ঠান। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

6 / 8
জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধ অনুষ্ঠিত কৰা হ'ব যোৰহাটত। সেই বাবে যোৰহাটলৈ নিয়া হ'ব শিল্পীগৰাকীৰ চিতাভস্ম। পৰিয়ালৰ অনুমতিতেই লোৱা হৈছে এই সিদ্ধান্ত।

মঙলবাৰে পঞ্চভূতত বিলীন হ'ব অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী জুবিন গাৰ্গ। সোণাপুৰৰ কমাৰকুছিৰ হাতীমূৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ইতিমধ্যে সাজু কৰা হৈছে সমাধিক্ষেত্ৰ।

7 / 8
প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধা জনোৱাৰ বাবে আজিও সৰুসজাইত ভিৰ কৰে অনুৰাগীয়ে। তাৰোপৰি ৰাজ্যৰ বিভিন্ন স্থানত জুবিন গাৰ্গৰ বাবে ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে গুণমুগ্ধই।

8 / 8