শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অসমীয়াৰ বাবে জুবিন গাৰ্গ কোন? এই দৃশ্যই কৈ গ’ল সকলো…

Zubeen Garg Last Journey: হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য।

trishna-kalita
Trishna Kalita | Published: 21 Sep 2025 12:32 PM
কোনেও কাহানিও দেখা নাছিল এনে এক পৰিৱেশ। হয়তো কল্পনা কৰা নাছিল। শত-সহস্ৰজনৰ মাজেৰে আগবাঢ়িছে জুবিনৰ শেষ যাত্ৰা।

1 / 6
বৰঝাৰ বিমান বন্দৰৰ পৰা শেষ যাত্ৰাত প্ৰাণৰ শিল্পী জুবিন। লাখ লাখ অনুৰাগীৰ ভিৰ ফালি কাহিলীপাৰা বাসগৃহলৈ শেষ যাত্ৰা কৰিছে জুবিনে। লগত আছে তেখেতৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গ।

2 / 6
জুবিনৰ নশ্বৰদেহ কাহিলীপাৰা বাসগৃহ পোৱাৰ পাছত কিছু সময় তাতে ৰাখি ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে সৰুসজাইলৈ লৈ যোৱা হ’ব। সৰুসজাইত সকলোৱে প্ৰিয় শিল্পীগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব পাৰিব।

3 / 6
হেজাৰজনক জীয়াই থাকিবলৈ শিকোৱা মানুহজন আজি শুই পৰিছে। আৰু কেতিয়াও নাভাগে সেই টোপনি।

4 / 6
বৰঝাৰ আহি পোৱাৰ পাছতে অশ্ৰুসিক্ত নয়নেৰে জুবিন দাক অসমলৈ আদৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গে।  বৰঝাৰ পৰা কাহিলীপাৰালৈ জুবিনৰ শেষ যাত্ৰাৰ সময়ত দেখা গৈছে অজস্ৰ গুণমুগ্ধৰ ভিৰ ।

5 / 6
এখন পুষ্পসজ্জিত বাহনেৰে জুবিন গাৰ্গক লৈ যোৱা হৈছে কাহিলীপাৰা বাসগৃহলৈ। সকলো ফালে জনসমুদ্ৰ, কেতিয়াও নেদেখা এক অভাৱনীয় দৃশ্য। আচলতে জুবিন গাৰ্গ সেইজনে মানুহ।

6 / 6