শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাফলং কাৰাগাৰত শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্ত

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইতিমধ্যে হাফলং কাৰাগাৰত উপস্থিত হৈছে দুয়োগৰাকী অভিযুক্ত। কাৰাগাৰলৈ নিয়াৰ পূৰ্বে হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত হাজিৰ কৰোৱা হয় শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।

monjit-dutta
Monjit Dutta | Updated On: 17 Oct 2025 19:12 PM
জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত গ্ৰেপ্তাৰ হোৱা শিল্পীগৰাকীৰ দুই সহযোগী শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক আজি আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। দুয়োগৰাকী অভিযুক্তক আজি হাফলং কাৰাগাৰলৈ লৈ যোৱা হৈছে।

1 / 5
কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইতিমধ্যে হাফলং কাৰাগাৰত উপস্থিত হৈছে দুয়োগৰাকী অভিযুক্ত। কাৰাগাৰলৈ নিয়াৰ পূৰ্বে হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত হাজিৰ কৰোৱা হয় শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।

কটকটীয়া নিৰাপত্তাৰ মাজেৰে ইতিমধ্যে হাফলং কাৰাগাৰত উপস্থিত হৈছে দুয়োগৰাকী অভিযুক্ত। কাৰাগাৰলৈ নিয়াৰ পূৰ্বে হাফলঙৰ মুখ্য ন্যায়িক দণ্ডাধীশ (চিজেএম) আদালতত হাজিৰ কৰোৱা হয় শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক।

2 / 5
ইতিপূৰ্বে যোৱা ৩ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ তদন্ত চলাই থকা SIT- এ শেখৰ জ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক গ্ৰেপ্তাৰ কৰিছিল। ইয়াৰ পিছতে দুয়োকে ১৪ দিনৰ চি আই ডি জিম্মালৈ প্ৰেৰণ কৰা হৈছিল।

3 / 5
উল্লেখ্য যে ইতিপূৰ্বে এই গোচৰৰ দুই প্ৰধান অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাকো ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। এই দুই অভিযুক্তক বাক্সা জিলা কাৰাগাৰলৈ লৈ যোৱাৰ সময়তে বাক্সাত এক উত্তপ্তময় পৰিস্থিতিৰ উদ্ভৱ হৈছিল।

4 / 5
আজি দুয়োৰে চি আই ডি জিম্মা শেষ হোৱাৰ পিছত আন ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আদালতত হাজিৰ কৰাৰ পূৰ্বে দুয়োগৰাকীৰে নিয়মীয়া চিকিৎসা পৰীক্ষা কৰা হয়। বাক্সা কাণ্ডৰ পৰিপ্ৰেক্ষিতত দুয়োকে কটকটীয়া নিৰাপত্তাৰ মাজেৰে চিআইডিৰ কাৰ্যালয়ৰ পৰা উলিয়াই নিয়া হয়।

5 / 5