শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen Garg Case: ১৪ দিনৰ ন্যায়িক জিম্মালৈ শেখৰ-অমৃতপ্ৰভা, কাৰাগাৰলৈ প্ৰেৰণ CJM আদালতৰ

কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীয়ে অমৃতপ্ৰভা আৰু শেখৰক লৈ যায় কাৰাগাৰলৈ। দুয়োকে এতিয়া আন অভিযুক্তৰ দৰেই কাৰাগাৰত ৰাখিব। নিৰাপত্তাজনীত কাৰণত ক'লৈ নিব সেয়া এতিয়ালৈ সদৰী কৰা নাই আৰক্ষীয়ে।

barasha-misra
Barasha Misra | Published: 17 Oct 2025 11:04 AM
আজি পুৱাৰ ভাগতে আদালতত হাজিৰ কৰোৱা হ’ল শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোত ছিংগাপুৰত একেলগে আছিল এই দুই অভিযুক্ত।

1 / 5
বৃহস্পতিবাৰে নিশাই অন্ত পৰিল শেখৰ-অমৃতপ্রভাৰ আৰক্ষী জিম্মা। মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাৰ পিছতে দোষী বিচাৰি SIT ৰ অভিযানত গ্ৰেপ্তাক কৰিছিল দুয়োকে।

2 / 5
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত শেখৰ গোস্বামী আৰু অমৃতপ্রভা। আজি পাণবজাৰৰ CJM আদাললত হাজিৰ কৰোৱা হয় দুয়োকে।

3 / 5
৩ অক্টোবৰত SITয়ে গ্ৰেপ্তাৰ কৰিছিল অমৃতপ্ৰভা-শেখৰক। ১৪ দিনৰ ন্যায়িক জিম্মাত শেখৰ-অমৃতপ্ৰভা। এতিয়া CJM আদালতে আন অভিযুক্তৰ দুয়োকে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে আৰক্ষীয়ে অমৃতপ্ৰভা আৰু শেখৰক লৈ গৈছে কাৰাগাৰলৈ। নিৰাপত্তাজনীত কাৰণত ক'লৈ নিব সেয়া এতিয়ালৈ সদৰী কৰা নাই আৰক্ষীয়ে।

4 / 5
উল্লেখ্য যে ,জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত অব্যাহত থকাৰ সময়তে ৰাজ্যজুৰি এই তদন্ত প্ৰক্ৰিয়া অধিক ক্ষিপ্ৰ কৰি তোলাৰ লগতে প্ৰিয় শিল্পীগৰাকীৰ বাবে ন্যায়ৰ দাবী মুখৰিত হৈছে। এই গোচৰ বিচাৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া কৰি তোলাৰ উদ্দেশ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ ওচৰত ফাষ্টট্ৰেক ক’ৰ্ট গঠনৰ বাবে আহ্বান জনাবলৈও কেবিনেটত সিদ্ধান্ত লোৱা বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰিছে।

5 / 5