শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ মুখাগ্নি কৰা অৰুণ গাৰ্গ কোন ? কিয় মুখ্যমন্ত্ৰীয়ে যুৱকজনৰ বাবে শ্বেয়াৰ কৰিলে পোষ্ট জানক

ধুমুহাৰ স'তে যুঁজিও ভাগৰি নপৰা জুবিন গাৰ্গ ভাগৰি পৰিল। আজি পঞ্চভূতত বিলীন হ'ল জুবিন গাৰ্গ। অশ্ৰুসিক্ত নয়নেৰে সকলোৱে দিলে চিৰবিদায়। কিন্তু জুবিনৰ শেষকৃত্যৰ সময়ত মুখাগ্নি কৰা ৪গৰাকী ব্যক্তি চৰ্চাত আহিছে। কিন্তু তাৰে মাজৰ অৰুণ গাৰ্গকলৈ সামাজিক মাধ্যমত কিয় বিশেষ পোষ্ট দিলে মুখ্যমন্ত্ৰীয়ে?

barasha-misra
Barasha Misra | Published: 23 Sep 2025 23:12 PM
বৈদিক মন্ত্ৰোচ্চাৰণেৰে আজি সোণাপুৰত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰক্ৰিয়া সম্পন্ন। ভগ্নী পামী বৰঠাকুৰে কৰিলে মুখাগ্নি। পামী বৰঠাকুৰক সহযোগ কৰে ৰাহুল গৌতম শৰ্মা আৰু অৰুণ গাৰ্গে।

1 / 5
কিন্তু হঠাতে সকলোৰ দৃষ্টি আকৰ্ষণ কৰা অৰুণ গাৰ্গ কোন জানেনে? আজি জুবিন গাৰ্গৰ চিতাত মুখাগ্নি কৰে জুবিনৰ ভগ্নীৰ সৈতে। এই যুৱকজনৰো আছে এটা বিশেষ কাহিনী। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলোকে জনায় জুবিনৰ মহানুভৱতাৰ কথা।

2 / 5
মুখ্যমন্ত্ৰীয়ে কয় সামাজিক মাধ্যমত জনায় যে, আজি জুবিন গাৰ্গৰ মুখাগ্নি কৰাসকলৰ ভিতৰত আছিল এজন যুৱক৷ সেই ল'ৰাটিক জুবিনে দান কৰিছিল এটি নতুন জীৱন, দান কৰিছিল জুবিনৰ উপাধিটোও৷ আদিবাসী চাহ জনগোষ্ঠীৰ ল'ৰাটোৰ নাম আছিল অৰুণ চাচনী৷ এতিয়া তেওঁৰ নাম অৰুণ গাৰ্গ৷

3 / 5
মুখ্যমন্ত্ৰীয়ে কয়,  এদিন জুবিনে ল'ৰাটিক লৈ আহিছিল গুৱাহাটীলৈ। জুবিনৰ পৰিয়ালৰ এজন সদস্য হৈ পৰিছিল। কাহিলিপাৰাত একেলগে ৰাখিছিল জুবিন-পৰিয়ালে। জুবিনে অৰুণক কিমান মৰম কৰিছিল সেই 'গাৰ্গ' উপাধিটো উপহাৰ হিচাপে প্ৰদান কৰোঁতেই পৰিস্ফুট হৈছিল। তেওঁ জুবিনৰ এক হিয়াৰ টুকুৰা।

4 / 5
মুখ্যমন্ত্ৰীয়ে লগতে কয়, জুবিন গাৰ্গ কি আছিল, সেয়া প্ৰত্যেকেই অনুধাৱন কৰিব পাৰিছে৷ জুবিন আছিল প্ৰকৃত শিল্পী, যিয়ে মাটি আৰু মানুহৰ কথা কৈছিল৷ খাঁটি খোৱা, দুখীয়া-নিছলা সকলোৰে কথা চিন্তা কৰিছিল৷

5 / 5