শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আগন্তুক দুদিনত অসম, মেঘালয়ত হ’ব ধাৰাষাৰ বৰষুণ! ৰেড এলাৰ্ট জাৰি…

আগন্তুক দুদিনত অসম আৰু চুবুৰীয়া মেঘালয়ত হ'ব ধাৰাষাৰ বৰষুণ। বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে প্ৰযোজ্য হৈ থাকিব এই সতৰ্কবাণী । এ এছ ডি এম এৰ মতে কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত অতি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ হ’ব পাৰে।

trishna-kalita
Trishna Kalita | Updated On: 17 Jun 2025 22:45 PM
আগন্তুক দুদিনত অসম আৰু চুবুৰীয়া মেঘালয়ত হ'ব ধাৰাষাৰ বৰষুণ।  মঙলবাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে(MHA) দুয়োখন ৰাজ্যৰ বাবে জাৰি কৰিছে ‘ৰেড এলাৰ্ট’।

1 / 5
বুধবাৰ আৰু বৃহস্পতিবাৰৰ বাবে প্ৰযোজ্য হৈ থাকিব এই সতৰ্কবাণী । তাৰ পিছত শুকুৰবাৰৰ বাবে জাৰি কৰা হৈছে ‘Yellow Alert’, যিয়ে বতৰৰ প্ৰতিকূল পৰিস্থিতি অব্যাহত থকাৰ সংকেত প্ৰদান কৰিছে।

2 / 5
ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্যৰ ভিত্তিত দুয়োখন ৰাজ্যই জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণৰ পৰামৰ্শ দিয়া হৈছে। এক বিবৃতিত নাগৰিকসকলক—বিশেষকৈ নিম্নভূমি বা ভূমিস্খলন প্ৰৱণ অঞ্চলত থকাসকলক— সজাগ হৈ থাকিবলৈ, অপ্ৰয়োজনীয় ভ্ৰমণ পৰিহাৰ কৰিবলৈ, আৰু ঔষধ আৰু মমবাতিৰ দৰে প্ৰয়োজনীয় সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই।

3 / 5
এ এছ ডি এম এৰ মতে কেইবাখনো জিলাৰ বিভিন্ন অঞ্চলত অতি প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ হ’ব পাৰে। যাৰ বাবে জমা হোৱা পানীৰ ফলত  যাতায়তত ব্যাঘাত জন্মিব পাৰে। ইয়াৰ উপৰিও ভূমিস্খলনৰ আশংকা বৃদ্ধি পাব পাৰে। এই ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰি ব্যৱস্থাক অতি সতৰ্ক হৈ থাকিবলৈ আৰু দুৰ্বল অঞ্চলসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়া হৈছে।

4 / 5
ভূমিস্খলন প্ৰৱণ অঞ্চলত বাস কৰা লোকসকলক অহা তিনিদিনৰ বাবে সাহায্য শিবিৰ বা সুৰক্ষিত আশ্ৰয় শিবিৰলৈ স্থানান্তৰিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে। লগতে চৰকাৰী পৰামৰ্শ মানি চলিবলৈ, বেয়া বতৰৰত বাহিৰলৈ ওলাই অহাৰ পৰা বিৰত থাকিবলৈ, স্থানীয় প্ৰশাসনে জাৰি কৰা বতৰৰ আপডেটৰ জৰিয়তে অৱগত হৈ থাকিবলৈও জনসাধাৰণক আহ্বান জনোৱা হৈছে।

5 / 5