শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মুক্তি পালে জুবিন গাৰ্গ অভিনীত অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ৰ প্ৰথমটো গীত

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। আজি কিছু অংশ ৰি-শ্বুট কৰা হৈছে। লগতে আজি ছবিখনৰ ‘মোৰ মনে’ নামৰ জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিও প্লেটফৰ্মত মুকলি কৰা হৈছে।

barasha-misra
Barasha Misra | Updated On: 07 Oct 2025 21:20 PM
জুবিনৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতখনৰ অভাৱনীয় ক্ষতি। জুবিনৰ অভাৱ যেন কোনো কালে পূৰণ নহ’ব। জুবিনে কেৱল সংগীতৰ ক্ষেত্ৰখনতে নহয়, অসমীয়া ছবিজগতত এজন সুযোগ্য অভিনেতা হিচাপেও অভিনয় কৰি আহিছিল। কিছুদিন পূৰ্বে এখন নতুন ছবিৰো শ্বুটিং সম্পূৰ্ণ কৰিছে জুবিনে।

1 / 5
শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। আজি কিছু অংশ ৰি-শ্বুট কৰা হৈছে। লগতে আজি ছবিখনৰ ‘মোৰ মনে’ নামৰ জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিও প্লেটফৰ্মত মুকলি কৰা হৈছে।

শীঘ্ৰে ছবিগৃহলৈ আহিব জুবিন গাৰ্গৰ অন্তিম ছবি ৰৈ ৰৈ বিনালে। আজি কিছু অংশ ৰি-শ্বুট কৰা হৈছে। লগতে আজি ছবিখনৰ ‘মোৰ মনে’ নামৰ জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অডিও প্লেটফৰ্মত মুকলি কৰা হৈছে।

2 / 5
মুক্তি দিয়া হ’ল জুবিন গাৰ্গ অভিনীত অন্তিমখন অসমীয়া ছবিখনৰ এটি গান​। জুবিন গাৰ্গ​ৰ কণ্ঠত ‘মোৰ মন’ শীৰ্ষক গানটো মুক্তিৰ লগে লগে সকলোৱে যথেষ্ঠ মৰমেৰে আকুৱালি লৈছে।

3 / 5
এই ছবিখন আছিল জুবিনৰ বহু হেঁপাহৰ ছবি। অসমৰ প্ৰথমখন মিউজিকেল ছবি হিচাপে নিৰ্মাণ কৰিছিল ‘ৰৈ ৰৈ বিনালে’। ৩০ অক্টোবৰত ছবিখন মুক্তি দিব বিচাৰিছিল জুবিনে। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস, ছবিখনৰ সকলো কাম সম্পূৰ্ণ নহওতেই জুবিনে সকলোকে এৰি অজান দেশলৈ গুচি যায়।

4 / 5
‘মোৰ মনে’ শীৰ্ষক জুবিন গাৰ্গে নিজেই লিখা আৰু কণ্ঠদান কৰা গীতটি অ'ডিও প্লেটফৰ্মত মুকলি কৰা হৈছে। এতিয়া ছবিখনৰ আধৰুৱা সকলো কাম প্ৰায় সম্পূৰ্ণ হৈছে। ছবিখন জুবিন গাৰ্গে আশা কৰা মতেই ৩১ অক্টোবৰতেই মুকলি কৰা হ’ব। এই কথা জনায় ছবিখনৰ পৰিচালক ৰাজেশ ভূঞাই।

5 / 5