শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১১১৫ ঘন্টাৰ অন্তত সফলতা! অৱশেষত বন্ধ হ’ল শিৱসাগৰ ভটিয়াপাৰৰ RDS 147 ৰীগৰ গেছ নিৰ্গমন…

অৱশেষত বন্ধ হ'ল শিৱসাগৰৰ গেছ নিৰ্গমন। যোৱা দুসপ্তাহ ধৰি ONGC ৰ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। বহু প্ৰচেষ্টাৰ অন্তত আজি এই গেছ নিৰ্গমন বন্ধ হয়।

barasha-sarma
Barasha Sarma | Updated On: 27 Jun 2025 13:38 PM
শিৱসাগৰবাসীয়ে ল'লে স্বস্তিৰ নিশ্বাস! অৱশেষত বন্ধ হ'ল শিৱসাগৰৰ গেছ নিৰ্গমন। প্ৰায় ২টা সপ্তাহ ধৰি (১২ জুন) শিৱসাগৰ জিলাৰ ভটিয়াপাৰত থকা আৰ ডি এছ ১৪৭ ৰীগৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছিল। কিন্তু বহু চেষ্টাৰ অন্ততো ONGC য়ে গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাছিল। যাৰ বাবে অঞ্চলটোৰ পৰা  স্থানন্তৰ কৰা হৈছিল ৩০০ ৰো অধিক পৰিয়ালক।

1 / 5
পৰৱৰ্তী সময়ত গেছ নিৰ্গমন বন্ধ কৰিবলৈ আমেৰিকাৰ বিশেষজ্ঞ দল এটা আহে।  তিনিজনীয়া এই বিশেষজ্ঞ দলটোৱে গেছ নিৰ্গমন বন্ধ কৰাৰ দায়িত্ব লৈ দিনে নিশাই চেষ্টা চলাই যায়। অ' এন জি চিৰ দাবী অনুসৰি অ' এন জি চিয়ে গ্ৰহণ কৰা কৌশল আৰু পদক্ষেপত একমত হৈ বিশেষজ্ঞ দলটোৱে কাম আৰম্ভ কৰিছিল।

2 / 5
অৱশেষত বহু প্ৰচেষ্টাৰ অন্তত এই গেছ নিৰ্গমন বন্ধ হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰে। শৰ্মাই কয় যে,"দুসপ্তাহজোৰা উৎকণ্ঠাৰ অন্ত। শেহতীয়াকৈ আমাৰ সকলোৰে বাবে চিন্তাৰ এক ডাঙৰ কাৰণ হৈ পৰা শিৱসাগৰত হোৱা গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীহৰদীপ সিং পুৰী ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ৷ এয়া আপোনাৰ তৎপৰতা আৰু সুনেতৃত্বৰ বাবে সম্ভৱ হৈ উঠিছে''৷

3 / 5
লগতে লিখে-''আমি টীম অ' এন জি চি আৰু আমাৰ ৰাজ্য প্ৰশাসনৰ সদস্যসকলৰ অক্লান্ত প্ৰচেষ্টাকো আন্তৰিকতাৰে স্বীকাৰ কৰিছোঁ। কিন্তু সৰ্বোপৰি বিশেষকৈ যোৱা দুসপ্তাহ ধৰি অপৰিসীম ধৈৰ্য আৰু বিশ্বাস প্ৰতিফলিত কৰি সমূহ সংশ্লিষ্ট সংস্থাৰ সৈতে অকুণ্ঠ সহযোগিতা আগবঢ়োৱাৰ বাবে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত বাস কৰা সাহসী পুৰুষ আৰু মহিলাসকলৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ''।

4 / 5
উল্লেখ্য যে,অহৰহ গেছ নিৰ্গমন হৈ থকাৰ বাবে শংকিত হৈ পৰিছিল স্থানীয় ৰাইজ। অহৰহ চৰকাৰক গেছ নিৰ্গমন বন্ধ কৰাৰ বাবে অনুৰোধ জনাই গৈছিল। এতিয়া গেছ নিৰ্গমন বন্ধ হোৱাৰ পাছতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে পৰিস্থিতি। উল্লেখনীয় যে, ইয়াৰ মাজতে অসম চৰকাৰে এই ঘটনাত ক্ষতিগ্ৰস্তসকলক ২৫ হাজাৰ টকা সাহাৰ্য দিয়াৰ কথা ঘোষণা কৰে।

5 / 5