আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত প্ৰধানমন্ত্ৰী মোদীঃ কুৱেইটে আগবঢ়ালে সৰ্বোচ্চ সন্মান
দুদিনীয়া সূচীৰে কুৱেইট ভ্ৰমণৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই ভ্ৰমণৰ সময়তে আন এক আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত হৈছে প্ৰধানমন্ত্ৰীগৰাকী। এইবাৰ প্ৰধানমন্ত্ৰী মোদীক কুৱেইটৰ সৰ্বোচ্চ সন্মান ‘দ্য অৰ্ডাৰ অৱ মুবাৰক আল কবীৰ’ৰে সন্মানিত কৰা হৈছে। এইদৰে যিকোনো দেশে আগবঢ়োৱা ২০তম আন্তৰ্জাতিক সন্মান লাভ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5