কুচ্ছত সেনাৰ সৈতে দেৱালী উদযাপন প্ৰধানমন্ত্ৰী মোদীৰঃ নিজ হাতে খুৱালে মিঠাই
আজি পোহৰৰ উৎসৱ দেৱালী উদযাপন কৰিছে সমগ্ৰ দেশে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কুচ্ছত দেশৰ নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱানৰ সৈতে দীপাৱলী উদযাপন কৰে। এই সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীয়ে বি এছ এফৰ জোৱানসকলক নিজ হাতেৰে মিঠাই খুৱাই দেৱালীৰ শুভেচ্ছা জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে ছাৰ ক্ৰিক এলেকাও পৰিদৰ্শন কৰে। এই সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে বি এছ এফৰ জোৱানসকলক উচ্চ প্ৰশংসা কৰে।

1 / 5

2 / 5

3 / 5

4 / 5

5 / 5