শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী! আগন্তুক ২৪ ঘন্টা গুৱাহাটীত হ’ব পাৰে ধাৰাসাৰ বৰষুণ, ধুমুহা, ভূমিস্খলন…

কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰী। কালিৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীৰ কেইবাটাও অঞ্চল প্লাবিত হৈ পৰিছে। ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে আগন্তুক ২৪ ঘন্টাৰ বাবে সতৰ্কতা জাৰি কৰিছে।

barasha-sarma
Barasha Sarma | Updated On: 28 Aug 2025 17:14 PM
পুনৰ গুৱাহাটী মহানগৰীত কৃত্ৰিম বান। ধাৰাসাৰ বৰষুণৰ পাছতে গুৱাহাটীত সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ। চাৰিওফালে পানীৰে ভৰি পৰিছে। খানাপাৰা-জালুকবাৰী সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত হাহাকাৰময় পৰিস্থিতি।

1 / 5
ইয়াৰোপৰি বৰগাঁও, বেহাৰবাৰী, নালাপাৰা,পাঞ্জাবাৰী,অনিল নগৰ, ৰুক্মিনী গাঁও আদিত পানী বৃদ্ধি পাইছে।  বুধবাৰৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চল জলামগ্ন হৈ আছে। তেনে স্থলত আজিৰ বৰষুণে আৰু কেইবাটাও অঞ্চল পানীৰে ডুবাই পেলাইছে। যাৰ ফলত সাধাৰণ জনতাৰ সমস্যাৰ সৃষ্টি হৈছে।

2 / 5
ইয়াৰ মাজতে বতৰ বিজ্ঞান বিভাগে জাৰি কৰিছে জাননী। IMD য়ে ২৮ আগষ্টত জাননী জাৰি কৰি কয় যে, অহা ২৪ ঘন্টাত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ, ধুমুহা, ঢেৰেকণি, বজ্ৰপাত হোৱাৰ সম্ভাৱনা আছে। গতিকে সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনাইছে।

3 / 5
ধুমুহা-বৰষুণ (৬ চে.মি./২৪ ঘণ্টালৈকে) মহানগৰীৰ বিভিন্ন ঠাইত হ'ব পাৰে। আগন্তুক ২৪ ঘণ্টাত তীব্ৰ বৰষুণ (২-৩ চে.মি./ঘণ্টা) হ'ব। যাৰ ফলত বিভিন্ন ঠাইত পানী জমা হোৱাৰ লগতে যান-জঁট আদিৰ সৃষ্টি  হ'ব পাৰে। ইতিমধ্যে প্ৰশাসনে সকলো দিশে চকু ৰাখিছে।

4 / 5
ইয়াৰোপৰি ভূমিস্খলন হোৱাৰ সম্ভাৱনা আছে। ভূমিস্খলনপ্ৰৱণ অঞ্চলসমূহত জনতাক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ।  কোনো বিশেষ কাম নাথাকিলে বৰষুণৰ সময়ত বাহিৰলৈ ওলোৱা বা দূৰৰ ভ্ৰমণ বাতিল কৰিবলৈ আহ্বান জনাইছে প্ৰশাসনে।

5 / 5