শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ ঘটনাৰ ছাৰ্জশ্বীট দাখিলৰ পাছতে আৰম্ভ হ’ব চৰকাৰৰ একশ্যনঃ মুখ্যমন্ত্ৰী

Himanta Biswa Sarma: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ছাৰ্জশ্বীট সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ইয়াৰোপৰি তেওঁ কংগ্ৰেছীসকলৰ বিৰোধিতা কৰি বিভিন্ন মত প্ৰকাশ কৰে।

Barasha Sarma
Barasha Sarma | Published: 23 Nov 2025 17:41 PM
প্ৰাণৰ শিল্পীৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত পুনৰ দেওবাৰে মত প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে, ১০ ডিচেম্বৰৰ ভিতৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ ঘটনাৰ  ছাৰ্জশ্বীট। এই ছাৰ্জশ্বীট দাখিলৰ পিছতে চৰকাৰী এক্সন দেখা পাব অসমবাসীয়ে। এতিয়ালৈকে মই চকু দিয়া নাই। ১০ ডিচেম্বৰৰ পাছত জুবিন ক্ষেত্ৰত দেৱাল নিৰ্মাণ কৰা হ'ব।

1 / 5
তেওঁ কয় যে,জুবিন গাৰ্গক কংগ্ৰেছীকৰণ কৰাৰ প্ৰচেষ্টা চলোৱাৰ বাবে নিৰ্বাচনত ভোট কমিব কংগ্ৰেছৰ। কংগ্ৰেছে এটা নিৰৰ্থক চেষ্টা কৰি আছে। জুবিন কোনো দলৰ নহয়, সকলোৰে। জুবিনক কংগ্ৰেছী কৰিব বিচৰা প্ৰচেষ্টাৰ বাবে কংগ্ৰেছৰ ভোট কমিব। ভোট নাবাঢ়ে। জীৱনকালত তেওঁলোকে জুবিনক কেতিয়াও সন্মান দিয়া নাছিল তেওঁলোকে।

2 / 5
ইয়াৰোপৰি শৰ্মাই কয় যে, কংগ্ৰেছে ২২ টা সমষ্টিত নিৰ্বাচন খেলিব আৰু প্ৰাৰ্থীৰ পৰা টকা উঠাব। ১ কোটি আগধন, ৩ কোটি পিছত দিব লাগি কংগ্ৰেছ প্ৰাৰ্থীয়ে। মিঞা সমষ্টিৰ প্ৰাৰ্থীৰ পৰা ধন লোৱা আৰম্ভ কৰিছে কংগ্ৰেছে। ইয়াৰোপৰি অখিল গগৈৰ দৰে তুলুঙা ব্যক্তি ৰাজনীতিত থাকিব নালাগে বুলি কয় শৰ্মাই।

3 / 5
উল্লেখ্য যে, কিছুদিন পূৰ্বেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে জুবিন ক্ষেত্ৰত উদ্ভাণ্ডলী কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। যদি কোনোবাই মদ খাই জুবিন ক্ষেত্ৰলৈ যায় তেন্তে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। চোঁচৰাই তেওঁলোকক জেলত ভৰোৱা হ'ব।

4 / 5
ইয়াৰোপৰি জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ছাৰ্জশ্বীটত বহু বিস্ফোৰক তথ্য প্ৰকাশ পাব বুলি ইতিমধ্যে কৈছে শৰ্মাই। তেওঁ কৈছে যে, ছাৰ্জশ্বীটত প্ৰকাশ পাব কেনেকৈ একাংশই জুবিন গাৰ্গক বলপূৰ্বকভাৱে সুৰাপান কৰোৱাইছিল। ইয়াৰোপৰি এই ছাৰ্জশ্বীটে মানুহক দুখিত আৰু ক্ষোভিত কৰিব বুলিও কৈছিল শৰ্মাই।

5 / 5