শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zubeen garg: মই গ’মেই পোৱা নাছিলো, মোৰ ওচৰত এজন ভগৱান আছিলঃ গৰিমা শইকীয়া

Zubeen garg: গৰিমা শইকীয়া গাৰ্গে আজি জুবিন সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ জুবিনক ভগৱানৰ সৈতে তুলনা কৰে। লগতে জুবিনৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালেৰ ওপৰতো মন্তব্য প্ৰদান কৰে।

barasha-sarma
Barasha Sarma | Published: 24 Sep 2025 17:47 PM
স্বামী তথা অসমবাসীৰ প্ৰিয় মানুহজনক হেৰুৱাই ভাগৰি পৰিছে গৰিমা শইকীয়া গাৰ্গ। আজি সংবাদ মাধ্যমৰ সন্মুখত গৰিমাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ জুবিনৰ সপোনাৰ প্ৰজেক্টৰ কথা কোৱাৰ লগতে অসমবাসীকো কৃতজ্ঞতা জ্ঞাপন কৰে। গৰিমাই প্ৰিয় মানুহজনক ভগৱানৰ সৈতে তুলনা কৰে।

1 / 5
গৰিমাই কয় যে, মই গ'মেই পোৱা নাছিলো যে মোৰ ওচৰত এজন ভগৱান আছিল। ভগৱানৰ আত্মা আছিল। আমি চিনিয়ে পোৱা নাছিলো জুবিনক। ইমান মানুহে তাক ভাল পাইছিল আৰু জুবিনেও সকলোকে সিমানেই ভাল পাইছিল। ইয়াৰোপৰি জুবিনৰ সপোনৰ প্ৰজেক্ট সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ।

2 / 5
জুবিনৰ সপোনৰ প্ৰজেক্ট সন্দৰ্ভত গৰিমাই কয় যে, ৰৈ ৰৈ বিনালেক লৈ জুবিনৰ বহু আশা আছিল। সকলোৰে ডাবিং হৈ গ'ল। কিন্তু জুবিনৰ থাকি গ'ল। সকলো সময়তে ৰৈ ৰৈ বিনালেৰ কথা কৈ আছিল। তেওঁ বিচৰা ধৰণে আমি ছবিখন ৩১ অক্টোবৰত মুক্তি দিম। মই জানো এই কামে তেওঁক শান্তি দিব।

3 / 5
ইয়াৰোপৰি জুবিনৰ সকলো বস্তুত সংৰক্ষণ কৰা সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে গৰিমাই। তেওঁ কয় যে, জুবিনৰ সকলো বস্তু সংৰক্ষণ কৰা হ'ব। তেওঁৰ লগত জড়িত যি যি বস্তু আছে সকলো এতিয়াৰ পৰা সংৰক্ষণ কৰি থোৱা হ'ব।

4 / 5
উল্লেখ্য যে, কালি হাজাৰ হাজাৰ মানুহৰ উপস্থিতি জুবিনৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হয়। সোণাপুৰৰ কমাৰকুছিত জুবিনৰ শেষকৃত্য কৰা হয়। ইয়াৰ পাছতে এতিয়া প্ৰায় সমগ্ৰ অসমবাসীয়ে জুবিনৰ মৃত্যু সন্দৰ্ভত ন্যায়ৰ দাবী কৰিছে। সাধাৰণ জনতাৰ পৰা বিশিষ্ট লোকলৈ, সকলোৱে এতিয়া প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুৰ ন্যায় বিচাৰিছে।

5 / 5