সমাগত দুৰ্গা পূজা। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন প্ৰান্তত দুৰ্গা পূজাক লৈ আৰম্ভ হৈছে প্ৰস্তুতি। দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত শিল্পীসকল। কিন্তু যোৱা কেইটামান দিন ধৰি ৰৈ থকা নেৰানেপেৰা বৰষুণে ৰাজ্যবাসীক কিছু চিন্তিত কৰিছে।
দুৰ্গা পূজাক লৈ মাজত মাঁথো কেইটামান দিন বাকী থকা প্ৰশ্ন হয় যে, পূজাৰ সময়ত বতৰে দিব নেকি বিধি- পথালি? দুৰ্গা পূজাৰ সময়ত কি হ'ব বতৰ। কিয়নো অহা ৯ অক্টোবৰৰ পৰা আৰম্ভ হ'ব শাৰদীয়া দুৰ্গা পূজা।
দক্ষিণ শালমাৰা, ধুবুৰী, বঙাইগাঁও, বৰপেটা,নলবাৰী, কামৰূপ(গ্ৰাম্য), কামৰূপ(মহানগৰ), পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
বতৰ বিজ্ঞান কেন্দ্ৰই আগবঢ়োৱা জাননী অনুসৰি অহা ৭ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈ মহানগৰীৰ লগতে ৰাজ্যৰ কেইবাঠাইতো বৰষুণ অহাৰ সম্ভাৱণা আছে। কিছু কিছু পাতলীয়া আৰু কিছু ঠাইত মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। গতিকে এই কেইদিন কিছু ম্লান পৰিব পূজাৰ উছাহ।
নগাঁও, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, গোলাঘাট, মাজুলী, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া জিলাত আজি Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।