শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পাঁচ হাজাৰ মাটিৰ চাকিৰে উদ্দীপ্ত হৈ উঠিল জুবিন গাৰ্গ, জিলিকি উঠিল মায়াবিনী

ৰাজ্যৰ চৌদিশে দেৱালীৰ দিনটোত স্মৰণ কৰা হয় হিয়াৰ আমঠু জুবিন গাৰ্গক। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই দেৱালীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত গ্ৰহণ কৰা হৈছে নানা পদক্ষেপ। বঙাইগাঁও জিলাৰ অভয়াপুৰীতো দেৱালীৰ নিশা চাকিৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল জুবিন গাৰ্গ।

monjit-dutta
Monjit Dutta | Updated On: 21 Oct 2025 07:45 AM
সমগ্ৰ দেশজুৰি উদযাপিত হৈছে পোহৰৰ উৎসৱ দেৱালী। চাকি-বন্তিৰ লগতে আতচবাজীৰ পোহৰেৰে আলোকিত হৈ উঠে দেশৰ আকাশ। অৱশ্যে প্ৰাণৰ শিল্পী জবিন গাৰ্গৰ মৃত্যুৰ শোকে জোকাৰি যোৱা ৰাজ্যবাসীৰ মনত এইবাৰ পূৰ্বৰ দৰে নাই দেৱালীৰ উৎসাহ-উদ্দীপনা।

1 / 5
ৰাজ্যৰ চৌদিশে দেৱালীৰ দিনটোত স্মৰণ কৰা হয় হিয়াৰ আমঠু জুবিন গাৰ্গক। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই দেৱালীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত গ্ৰহণ কৰা হৈছে নানা পদক্ষেপ। বঙাইগাঁও জিলাৰ অভয়াপুৰীতো দেৱালীৰ নিশা চাকিৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল জুবিন গাৰ্গ।

ৰাজ্যৰ চৌদিশে দেৱালীৰ দিনটোত স্মৰণ কৰা হয় হিয়াৰ আমঠু জুবিন গাৰ্গক। প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই দেৱালীৰ দিনটোত ৰাজ্যৰ ভিন্ন প্ৰান্তত গ্ৰহণ কৰা হৈছে নানা পদক্ষেপ। বঙাইগাঁও জিলাৰ অভয়াপুৰীতো দেৱালীৰ নিশা চাকিৰ পোহৰেৰে উদ্ভাসিত হৈ উঠিল জুবিন গাৰ্গ।

2 / 5
অভয়াপুৰীৰ পিৰাধৰাৰ বুঢ়ী আই থানৰ প্ৰাংগণত পাঁচ হাজাৰ মাটিৰ চাকিৰে প্ৰিয় শিল্পী জুবিন গাৰ্গক অংকন কৰা হয়। ইয়াৰ লগতে চাকিৰ পোহৰেৰেই জুবিন গাৰ্গৰ প্ৰিয়তম সৃষ্টি 'মায়াবিনী ৰাতিৰ বুকুত' গীতৰ কলী লিখিলে পিৰাধৰাৰ  স্থানীয় যুৱকসকলে।

3 / 5
অঞ্চলটোৰ ২০-২০ জন  যুৱকে প্ৰিয় শিল্পীগৰাকীক স্মৰণৰ এনে এক ব্যতিক্ৰমী পদক্ষেপৰ বাবে প্ৰায় ১৫ দিন ধৰি দিনে নিশাই কাম কৰা বুলি জানিবলৈ দিয়ে। মাটিৰ চাকিৰে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন কৰি সম্পূৰ্ণ শান্তিপূৰ্ণ পৰিৱেশেৰে উদযাপন কৰে দেৱালীৰ নিশা।

4 / 5
পিৰাধৰাৰ স্থানীয় লোকসকলে জানিবলৈ দিয়া মতে অঞ্চলটোৰ যুৱকসকল ১৭ বছৰ ধৰি ব‍্যতিক্ৰমী বিষয়-বস্তুক আৰ্হি হিচাপে লৈ দীপাৱলীৰ নিশা আলোকিত কৰি আহিছে। এইবাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গবিহীন প্ৰথমটো দীপাৱলীত ৰাজ্যৰ আন প্ৰান্তৰ দৰে অভয়াপুৰীতো নাই পূৰ্বৰ দৰে আনন্দ-উলাহ।

5 / 5