শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বাক্সাত ১৬৩ ধাৰা জাৰি প্ৰশাসনৰঃ কৰিব নোৱাৰে প্ৰতিবাদ, দিব নোৱাৰে শ্লোগান…বিভিন্ন দিশত নিষেধাজ্ঞা…

BNSS 163 In Baksa: বাক্সাত জাৰি বি এন এছ এছৰ ১৬৩ ধাৰা। জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত বাক্সাৰ কাৰাগাৰলৈ গৈ পোৱাৰ পাছতে উত্তেজিত হৈ পৰে জনতাই। এই সময়চোৱাত আৰক্ষী আৰু জনতাৰ মাজত হতাহতি হয়। আৰক্ষীয়ে গুলীচালনা কৰে।

barasha-sarma
Barasha Sarma | Published: 15 Oct 2025 17:31 PM
বাক্সা জিলাত BNSS ৰ ১৬৩ ধাৰা জাৰি প্ৰশাসনৰ। ইয়াৰ অধীনত কাৰাগাৰৰ ৫০০ মিটাৰৰ আশে পাশে ৫ বা তাতকৈ বেছি মানুহ সমবেত হ'ব নোৱাৰিব। লগত জলন্ত সামগ্ৰী বা পদাৰ্থ,অস্ত্ৰ আদি ৰাখিব নোৱাৰিব। ইয়াৰ লগতে জিলা কাৰাগাৰৰ ৫০০ মিটাৰৰ আশে-পাশে ৰেলী, প্ৰতিবাদ, শ্লোগান আদি দিব নোৱাৰিব। শিলগুটি দলিওৱা, অন্য আক্ৰমণ আদিৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হয়।

1 / 5
আজি শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশনা জাৰি কৰে বাক্সা, মছলপুৰৰ জিলা ন্যায়াধীশে। পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত এই নিৰ্দেশনা জাৰি থাকিব। জিলাখনৰ পৰিস্থিতি বিঘ্নিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

2 / 5
উল্লেখ্য যে, বুধবাৰ (১৫ অক্টোবৰ)এ বাক্সা জিলাৰ  নিকাছিস্থিত জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত  শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাসহ পাঁচজনক। চিআইডিৰ জিম্মা শেষ হোৱাৰ পাছত তেওঁলোকক আজি আদালতত হাজিৰ কৰোৱা হৈছিল। তাৰ পাছত আদালতে তেওঁলোকক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

3 / 5
নিৰাপত্তাজনিত কাৰণত তেওঁলোকক গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত নাৰাখি বাক্সা জিলাত দুমাহ পূৰ্বে উদ্বোধন কৰা নতুন কাৰাগাৰখনলৈ লৈ  যোৱা হয়। কিন্তু তেওঁলোকক লৈ যোৱা বাহন গৈ পোৱাৰ পাছতে অঞ্চলটোৰ পৰিস্থিতি উত্তপ্ত হৈ পৰে। শ শ জনতাই তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজৰ মাজত উলিয়াই দিবলৈ কয়।

4 / 5
এই সময়চোৱাত ৰাইজ আৰু আৰক্ষীৰ মাজত হতাহতি হয়। আৰক্ষীয়ে প্ৰথমে লাঠিচালনা আৰু পাছত গুলীচালনা কৰে। এই গুলীচালনাত কেইবাজনো লোক আহত হোৱাৰ খবৰ আহি পৰিছে। ইফালে জনতাই আৰক্ষীৰ গাড়ীত অগ্নিসংযোগ কৰাৰ লগতে শিলগুটি আদি নিক্ষেপ কৰে। যাৰ ফলত কেইবাজনো আৰক্ষী বিষয়া আহত হয়। বাতৰি লিখি থকা পৰলৈকে বাক্সাৰ পৰিস্থিতি শান্ত হোৱা নাই।

5 / 5