শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নেৰানেপেৰা বৰষুণত বিধ্বস্ত জনজীৱন! আজি কেনে হ’ব ৰাজ্যৰ বতৰ?

নেৰানেপেৰা বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ। মহানগৰীত ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

trishna-kalita
Trishna Kalita | Updated On: 01 Jun 2025 13:39 PM
কেইবাদিনো নেৰানেপেৰা বৰষুণৰ পিছত ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বিপদসীমাৰ কাষেৰে বৈছে নৈ-উপনৈ। ঘন্টাত ৩-৪ ছেন্টিমিটাৰলৈকে বৃদ্ধি হৈছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।

1 / 5
বিপদ সীমাৰ ওপৰলৈ উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ বুকু। মাজুলীৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে  যোগাযোগ । অনিৰ্দিষ্ট কাললৈ বন্ধ নিমাতী-মাজুলী সংযোগী ফেৰী সেৱা।

2 / 5
মহানগৰীত নিশাৰে পৰা অব্যাহত আছে ধাৰাসাৰ বৰষুণ। ইয়াৰ মাজতে ৰেড এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ঘণ্টাত ৩০-৪০ কিলোমিটাৰ বেগত বলিব বতাহ।

3 / 5
ইফালে উত্তৰ-পূবত বৰষুণ অব্যাহত থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে IMD-এ।  আগন্তুক ৭ দিনত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে।

4 / 5
আজি অসমৰ সৰ্বনিম্ন তাপমাত্ৰা ১৭ ডিগ্ৰী চেলছিয়াছৰ আশে-পাশে থকাৰ সম্ভাৱনা আছে, আনহাতে সৰ্বোচ্চ তাপমাত্ৰা ২৪ ডিগ্ৰী চেলছিয়াছ হ’ব পাৰে। নিশা ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

5 / 5