শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন, অসমত এই পৰ্যন্ত গ্ৰেপ্তাৰ ৩৬ জন…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দেশত অব্যাহত আছে চাঞ্চল্য। এই ঘটনাক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ হৈছে ৩৬ জন লোক।পাকিস্তানক সমৰ্থন কৰাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম চৰকাৰ।

barasha-sarma
Barasha Sarma | Published: 01 May 2025 15:03 PM
পাকিস্তানক সমৰ্থন কৰি অসমত গ্ৰেপ্তাৰ ৩৬ জনলোক। বুধবাৰে এই তথ্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতে অসমৰ একাংশই সেই ভয়ংকৰ ঘটনা বা পাকিস্তানক সমৰ্থন কৰি সামাজিক মাধ্যমত বিভিন্ন পোষ্ট দিছিল। এনে পোষ্ট দিয়া সকলক গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীয়ে।

1 / 5
তথ্য প্ৰদান কৰি মুখ্যমন্ত্ৰী শৰ্মাই লিখে যে,ভাৰতৰ ভূমিত থাকি পাকিস্তানক সমৰ্থন কৰি থকা বিশ্বাসঘাতকসকলৰ বিৰুদ্ধে আমাৰ অভিযানৰ অধীনত এইপৰ্যন্ত ৩৬গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে৷ আজিৰ দিনটোত বঙাইগাঁও আৰক্ষীয়ে নাজিবুল ইছলামক আৰু শ্ৰীভূমি আৰক্ষীয়ে হৈছে ছানাজ হুছেইনক গ্ৰেপ্তাৰ কৰে৷

2 / 5
৩০ এপ্ৰিলত দিয়া পোষ্টটোত লগতে শৰ্মাই লিখে যে- দেশবিৰোধীসকলক চিনাক্ত কৰাৰ উদ্দেশ্যে অসম আৰক্ষীয়ে সকলো প্ৰকাৰৰ মাধ্যমক কঠোৰভাৱে নিৰীক্ষণ কৰি আছে।

3 / 5
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা।  এই ঘটনাত ২৬ জন লোকে প্ৰাণ হেৰুৱাৰ লগতে আহত হৈছিল ১৪ জন।  ভয়ংকৰ এই ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে। এই ঘটনাৰ পাছত ভাৰত-পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি হোৱাও পৰিলক্ষিত হয়।

4 / 5
কিন্তু ইয়াৰ পাছতো একাংশই পাকিস্তানক সমৰ্থন কৰি দেশ বিৰোধী মন্তব্য কৰা পৰিলক্ষিত হৈছে। যাৰ বাবে তেনে লোকসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে অসম চৰকাৰ। বিভিন্ন সামাজিক মাধ্যমত দিয়া পোষ্ট অনুসৰিয়েই এতিয়ালৈকে ২৬ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । ইয়াৰ ভিতৰত মহিলাও আছে।

5 / 5