শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা: তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা চৰকাৰৰ

Zubeen Garg's Death: জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২০২৫ চনৰ ২০-২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাতস্থগিত থাকিব সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত।

trishna-kalita
Trishna Kalita | Updated On: 20 Sep 2025 15:53 PM
অসমীয়াৰ বুকু শুধা কৰি অচিন দেশলৈ গ’লগৈ মৰমৰ জুবিন। অকালতে হাৰ্টথ্ৰৱক হেৰুৱাই ভাগি পৰিছে সকলো। আজি নিৰৱে হৈ ৰৈছে গুৱাহাটী মহানগৰ।

1 / 5
কেৱল গুৱাহাটীয়েই নহয়, আজি অসমৰ ভিন্ন প্ৰান্তত ব্যৱসায়িসকলে স্বতস্ফূৰ্তভাৱে বন্ধ ৰাখিছে সকলো দোকান-পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে জুবিন গাৰ্গক। জানিব পৰা মতে, ইতিমধ্যে ছিংগাপুৰত জুবিনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে।

2 / 5
ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ ভাৰতীয় সময় অনুসৰি সন্ধিয়া প্ৰায় ৫.৩০ বজাত বিমানেৰে দিল্লীলৈ অনা হ’ব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,  দিল্লী পোৱাৰ এঘন্টাৰ ভিতৰত তেওঁৰ পাৰ্থিৱ শৰীৰ বিশেষ বিমানৰ জৰিয়তে অসমলৈ অনা হ’ব।

3 / 5
জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই ২০২৫ চনৰ ২০-২২ ছেপ্টেম্বৰলৈ ৰাজ্যিক শোক ঘোষণা কৰা হৈছে। এই সময়ছোৱাতস্থগিত থাকিব সকলো চৰকাৰী মনোৰঞ্জনমূলক অনুষ্ঠান, আনুষ্ঠানিক কাৰ্যসূচী আৰু ৰাজহুৱা উৎসৱ।

4 / 5
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে অসম চৰকাৰৰ ফালৰ পৰা লোৱা হৈছে এই সিদ্ধান্ত। এই সময়ত ‘সেৱা সপ্তাহ’ৰ অধীনত প্ৰয়োজনীয় সেৱাৰ কাৰ্যসূচী পূৰ্বৰ দৰে চলি থাকিব যদিও আনুষ্ঠানিক তথা অন্যান্য সুবিধাজনিত বিতৰণৰ অনুষ্ঠানসমূহ স্থগিত ৰখা হ’ব। সামাজিক মাধ্যমযোগে এই কথা জনাইছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে।

5 / 5