শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

‘অসম – অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক প্ৰদৰ্শনী পৰিদৰ্শন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে ‘অসম – অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক প্ৰদৰ্শনী পৰিদৰ্শন কৰে । য’ত ৰাজ্যৰ পৰম্পৰাগত উদ্যোগসমূহৰ আভাস দিয়াৰ লগতে আন্তঃগাঁথনি প্ৰকল্পসমূহ উপস্থাপন কৰা হৈছে।

manas-borah
Manas Borah | Updated On: 25 Feb 2025 00:01 AM
'ঝুমইৰ বিনন্দিনী' অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে আজি অসমৰ পৰম্পৰাগত বস্ত্ৰ উদ্যোগ, পৰ্যটনৰ সম্ভাৱনাৰ পৰা আৰম্ভ কৰি ভৱিষ্যতৰ অৰ্ধপৰিবাহী ইউনিটলৈকে ৰাজ্যখনৰ পৰম্পৰাগত শক্তি আৰু ভৱিষ্যতৰ সম্ভাৱনা প্ৰদৰ্শিত প্ৰদৰ্শনী মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । এডভান্টেজ আছাম ২.০ ব্যৱসায়িক সন্মিলনৰ অংশ হিচাপে এই প্ৰদৰ্শনীৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে ।

1 / 5
‘অসম এডভান্টেজ ২.০’ৰ আনুষ্ঠানিক উদ্বোধনৰ এদিন পূৰ্বে এই প্ৰদৰ্শনী মুকলি কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। সৰুসজাই ষ্টেডিয়ামত আয়োজিত ‘ঝুমইৰৰ বিনন্দিনী’ৰ অনুষ্ঠানত অংশগ্ৰহণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মহানগৰীৰ খানাপাৰা অঞ্চলৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ ৰাওনা হয় । ইয়াৰ পাছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন ষ্টল পৰিদৰ্শন কৰে আৰু অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰে।

2 / 5
প্ৰধানমন্ত্ৰী মোদীয়ে ‘অসম – অতীত, বৰ্তমান আৰু ভৱিষ্যত’ শীৰ্ষক প্ৰদৰ্শনী পৰিদৰ্শন কৰে । য’ত ৰাজ্যৰ পৰম্পৰাগত উদ্যোগসমূহৰ আভাস দিয়াৰ লগতে আন্তঃগাঁথনি প্ৰকল্পসমূহ উপস্থাপন কৰা হৈছে। বস্ত্ৰ উদ্যোগৰ পৰা আৰম্ভ কৰি পৰ্যটনৰ সম্ভাৱনালৈকে, ৰাজ্যখনক প্ৰতিফলিত কৰা ষ্টলসমূহ পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে।

3 / 5
দক্ষতা বিকাশ, আন্তঃগাঁথনি আৰু অৰ্ধপৰিবাহী উদ্যোগৰ দৰে ৰাজ্যখনৰ আশাব্যঞ্জক ভৱিষ্যতক দাঙি ধৰা ষ্টলসমূহো পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে ।

4 / 5
মঙলবাৰে ৬০খনতকৈও অধিক ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত, কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী, শীৰ্ষ উদ্যোগপতি আৰু বিভিন্ন দেশৰ ব্যৱসায়িক প্ৰতিনিধি দলৰ উপস্থিতিত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব ‘অসম এডভান্টেজ ২.০ বিনিয়োগ সন্মিলন’ ।

5 / 5