শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Cannes চলচ্চিত্ৰ মহোৎসৱত অপাৰেচন সেন্দূৰৰ আভাস, কিন্তু কেনেকৈ?

ফ্ৰান্সৰ কান চহৰত অনুষ্ঠিত হৈ থকা cannes film festival-ত উপস্থিত হয় বলীউডৰ অভিনেত্ৰী ঐশ্বৰ্য ৰায়। তেওঁ অপাৰেচন সেন্দূৰৰ আভাস আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দিয়া বুলি সামাজিক মাধ্যমত চলিছে চৰ্চা। কেৱল ঐশ্বৰ্যই নহয়, আন এগৰাকী অভিনেত্ৰীয়েও শিৰত সেন্দূৰ বুলাই চলচ্চিত্ৰ মহোৎসৱত অংশ লৈছিল।

barasha-misra
Barasha Misra | Published: 22 May 2025 11:44 AM
প্ৰতি বছৰৰ দৰে এইবছৰো ফ্ৰান্সৰ কান চহৰত cannes film festival ৰ আয়োজন কৰা হৈছে। ১৩ মে'ৰ পৰা আৰম্ভ হোৱা এই অনুষ্ঠান ২৪ মে'লৈকে চলিব। এই মহোৎসৱত বিশ্বৰ বিভিন্ন প্ৰান্তৰ তাৰকাসকলে অংশগ্ৰহণ কৰিছে।

1 / 7
শেহতীয়াকৈ এই অনুষ্ঠানৰ এটা বিশেষ কাৰণে অপাৰেচন সেন্দূৰৰ আভাস দিয়া বুলি সামাজিক মাধ্যমত চৰ্চা চলিছে। জানিব পৰা মতে বলীউডৰ দুগৰাকী অভিনেত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অপাৰেচন সেন্দূৰক প্ৰতিনিধিত্ব কৰিছে। প্ৰথম গৰাকী অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু দ্বিতীয় গৰাকী অদিতি ৰাও হাইদাৰী।

2 / 7
আচলতে ২২ মে’ত জম্মু-কাশ্মীৰৰ পহলগামত পাকিস্তানী সন্ত্ৰাসবাদীয়ে ২৬জন নিৰীহ লোকক হত্যা কৰিছিল। সেই দিনটোত বহু নাৰীৰ কপালৰ পৰা সেন্দূৰ নোহোৱা হৈ পৰিছিল। ৭ মে’ত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে অপাৰেচন সেন্দূৰ আৰম্ভ কৰি পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে।

3 / 7
শেহতীয়াকৈ ঐশ্বৰ্য ৰায়ে cannes film festival ত অংশ লৈছিল। ঐশ্বৰ্যক দেখা গ’ল এখন সুন্দৰ বেনাৰসী শাৰীত। কম গহণাৰে নিজৰ ৰূপটো আকৰ্ষণীয় কৰি তুলিছে। অৱশ্যে বেছিভাগ মানুহৰে দৃষ্টি আকৰ্ষণ কৰা বস্তুটো আছিল সেন্দূৰ। cannesত ৰেড কাৰ্পেটত খোজ কাঢ়োতে শিৰত স্বামীৰ নামৰ দীঘলকৈ সেন্দূৰ লোৱা দেখা গৈছিল।

4 / 7
ছ’চিয়েল মিডিয়াত তেওঁৰ ফটো আপলোড কৰাৰ লগে লগে এই ৰূপসজ্জাক অপাৰেচন সেন্দূৰৰ সৈতে সংযোগ ঘটোৱা বুলি সামাজিক মাধ্যমত অনুৰাগীৰ মাজত আলোচনা আৰম্ভ হ’ল। কেৱল ঐশ্বৰ্যই নহয়, আন এগৰাকী অভিনেত্ৰীও আছে যিয়ে এই আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত সেন্দূৰলৈ অংশগ্ৰহণ কৰিছিল।

5 / 7
সেই অভিনেত্ৰী আন কোনো নহয় অদিতি ৰাও হায়দাৰী। স্বয়ং অদিতিয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে ফটো শ্বেয়াৰ কৰিছে। ফটোখনত ৰঙা শাৰী পিন্ধা দেখা গৈছে অভিনেত্ৰীগৰাকীক।

6 / 7
কপালত আছে ফোট আৰু শিৰত আঁকিছে সেন্দূৰ। অনুৰাগীসকলৰ মতে, অপাৰেচন সেন্দূৰৰ আভাস দিবলৈ এই সজ্জা কৰিছিল দুয়োগৰাকী অভিনেত্ৰীয়ে।

7 / 7