শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

WHO Report: বিশ্বজুৰি উদ্বেগজনকভাৱে নিসংগতাত ভুগিছে যুৱক-যুৱতীয়ে, বৃদ্ধি পাইছে এই জটিল ৰোগৰ আশংকা…

প্ৰতিবেদনত কোৱা হৈছে যে, বিশ্বৰ প্ৰতি ৬ জনৰ ভিতৰত ১ জন লোক নিসংগতাৰ দ্বাৰা আক্ৰান্ত। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, সুদৃঢ় সামাজিক সম্পৰ্ক আৰু উন্নত স্বাস্থ্য দীৰ্ঘায়ু জীৱন যাপনৰ আশাৰ ৰশ্মি হৈ পৰিব পাৰে।

WHO Report: বিশ্বজুৰি উদ্বেগজনকভাৱে নিসংগতাত ভুগিছে যুৱক-যুৱতীয়ে, বৃদ্ধি পাইছে এই জটিল ৰোগৰ আশংকা…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 08 Sep 2025 19:02 PM

বৰ্তমান নিসংগতা মানুহৰ ডাঙৰ সমস্যা হিচাপে পৰিগণিত হৈছে। বিশ্বৰ প্ৰতি ৬ জন লোকৰ বিপৰীতে এজন লোক নিসংগতাৰ বলি হৈছে। এই উদ্বেগজনক তথ্য পোহৰলৈ আহিছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদনত। বিশ্ব স্বাস্থ্য সংস্থাৰ সামাজিক সম্পৰ্ক আয়োগে প্ৰকাশ কৰা এক প্ৰতিবেদনত কোৱা হৈছে যে, বিশ্বৰ প্ৰতি ৬ জনৰ ভিতৰত ১ জন লোক নিসংগতাৰ দ্বাৰা আক্ৰান্ত। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, সুদৃঢ় সামাজিক সম্পৰ্ক আৰু উন্নত স্বাস্থ্য দীৰ্ঘায়ু জীৱন যাপনৰ আশাৰ ৰশ্মি হৈ পৰিব পাৰে।

WHO ৰ সঞ্চালক প্ৰধান ড০ টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে, “এই যুগত যেতিয়া সংযোগৰ সম্ভাৱনা অন্তহীন, অধিক সংখ্যক লোকে নিজকে বিচ্ছিন্ন আৰু অকলশৰীয়া অনুভৱ কৰিছে।” তেওঁ আৰু কয়, “ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায়ৰ ওপৰত ইয়াৰ প্ৰভাৱৰ উপৰিও যদিহে ইয়াক গুৰুত্ব দিয়া নহয়, তেন্তে নিসংগতা আৰু সামাজিক বিচ্ছিন্নতাই স্বাস্থ্যসেৱা, শিক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাব।”

নিসংগতা আৰু সামাজিক বিচ্ছিন্নতাৰ কাৰণ

শেহতীয়াকৈ WHO ৰ দ্বাৰা প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে, নিসংগতাই কেৱল মানসিক স্বাস্থ্যৰ ক্ষতি কৰাই নহয়, শাৰীৰিক ৰোগৰো সৃষ্টি কৰে। ২০১৪ চনৰ পৰা ২০২৩ চনৰ ভিতৰত কৰা এক সমীক্ষাত দেখা গৈছে যে, নিসংগতাই সকলো বয়সৰ লোকক বিশেষকৈ যুৱক-যুৱতী আৰু কম আৰু মধ্যম আয়ৰ দেশ (LMICs)ত বাস কৰা লোকসকলক প্ৰভাৱিত কৰিছে।

যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পোৱা নিসংগতা

১৩ ৰ পৰা ২৯ বছৰ বয়সৰ ১৭ ৰ পৰা ২১ শতাংশ লোকে অকলশৰীয়া অনুভৱ কৰিবলৈ ধৰিছে, যিটো কিশোৰ-কিশোৰীসকলৰ মাজত সৰ্বাধিক। কম আয়ৰ দেশসমূহত প্ৰায় ২৪ শতাংশ লোক নিসংগতাৰ বলি হোৱাৰ বুলি জানিব পৰা গৈছে, যিটো উচ্চ আয়ৰ দেশসমূহৰ দুগুণ (প্ৰায় ১১%)।

ইয়াৰ মূল কাৰণ

বিশেষজ্ঞৰ মতে, ডিজিটেল সংযুক্ত পৃথিৱীতো বহু যুৱক-যুৱতীয়ে অকলশৰীয়া অনুভৱ কৰে। প্ৰযুক্তিয়ে জীৱনক এক নতুন ৰূপ দিছে যদিও ই যাতে মানৱ সম্পৰ্কক দুৰ্বল কৰাৰ বিপৰীতে শক্তিশালী কৰে সেয়া নিশ্চিত কৰিব লাগিব। কাৰণ দীৰ্ঘদিনীয়া নিসংগতাৰ প্ৰভাৱ হতাশা, উদ্বেগ, টোপনিৰ সমস্যা, স্মৃতিশক্তি হেৰুৱা, উচ্চ ৰক্তচাপ আৰু হৃদৰোগৰ কাৰণ হৈ পৰে।

নিসংগতাৰ বাবে বৃদ্ধি পোৱা ৰোগ

নিসংগতা আৰু সামাজিক বিচ্ছিন্নতাই ষ্ট্ৰোক, হৃদৰোগ, ডায়েবেটিছ, জ্ঞানশক্তিৰ অৱনতি আৰু অকাল মৃত্যুৰ সম্ভাৱনা বৃদ্ধি কৰে। ই মানসিক স্বাস্থ্যতো প্ৰভাৱ পেলায়, অকলে বাস কৰা লোকসকলৰ হতাশাত ভুগিব পৰাৰ সম্ভাৱনা দুগুণ বেছি। নিসংগতাই উদ্বেগ আৰু আত্মহত্যাৰ দৰে সামাজিক ব্যাধি সৃষ্টি কৰিব পাৰে।

নিসংগতা কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি

বেছিভাগ মানুহেই জানে নিসংগতা কেনেকুৱা! ই সমস্যাৰ পৰা উপশম পাবলৈ আৰ্তজনক সহায়ত হাত আগবঢ়োৱা,  বুন্ধ-বান্ধৱীৰ লগত আড্ডা মৰা, ওচৰ-চুবুৰীয়াৰ সৈতে ভাল সম্পূৰ্ক ৰক্ষা কৰা, সামাজিক কামত লিপ্ত হোৱা আদিৰ দ্বাৰা আপোনাৰ নিসংগতা দূৰ কৰিব পাৰে। যিমানে সামাজিক সম্পৰ্ক বজাই ৰাখিব সিমানে আপোনাৰ অকলশৰীয়া অনুভৱ নহয়। যদি সমস্যাটো অধিক গুৰুতৰ হয় তেন্তে চিকিৎসকৰ সহায় লোৱাটো গুৰুত্বপূৰ্ণ।