শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
বন্ধৰ দিশে ভাৰতীয় ‘কল চেণ্টাৰ’! আমেৰিকাই দিলে এই ইংগিত...

বন্ধৰ দিশে ভাৰতীয় ‘কল চেণ্টাৰ’! আমেৰিকাই দিলে এই ইংগিত…

Trishna Kalita
Trishna Kalita | Published: 08 Sep 2025 18:45 PM

ট্ৰাম্পৰ সহায়িকা লৰা লুমাৰৰ মন্তব্যৰ পিছতে বৃদ্ধি পাইছে ভাৰত বিৰোধী উদ্বেগ। ভাৰতীয়সকলে সঠিকভাৱে ইংৰাজী ক’ব নোৱাৰে বুলিও কয় তেওঁ। বহু আমেৰিকান কোম্পানীয়ে আই টি সম্পৰ্কীয় কাম সস্তাতে কৰিবলৈ ভাৰত বা মেক্সিকোৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল।

ৱাশ্বিংটনৰ শুল্ক বৃদ্ধিৰ মাজতে আন এক বিপদৰ দিশে ভাৰত। ভাৰতৰ পৰা আই টি সম্পৰ্কীয় কামৰ ‘আউটচ’ৰ্চিং’ (Outsourcing) বন্ধ কৰাৰ কথা ভাবিছে আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী তথা সোঁপন্থী আন্দোলনৰ নেত্ৰী লৰা লুমাৰৰ এই চাঞ্চল্যকৰ দাবীয়ে ভাৰতীয় আইটি কোম্পানীসমূহৰ ভিতৰত উত্তেজনাৰ সৃষ্টি কৰিছে।

ট্ৰাম্পৰ সহায়িকা লৰা লুমাৰৰ মন্তব্যৰ পিছতে বৃদ্ধি পাইছে ভাৰত বিৰোধী উদ্বেগ। ভাৰতীয়সকলে সঠিকভাৱে ইংৰাজী ক’ব নোৱাৰে বুলিও কয় তেওঁ। বহু আমেৰিকান কোম্পানীয়ে আই টি সম্পৰ্কীয় কাম সস্তাতে কৰিবলৈ ভাৰত বা মেক্সিকোৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকাত বাস কৰা মানুহে যেতিয়া আই টি কোম্পানী এটালৈ ফোন কৰে, তেতিয়া শুনিবলৈ পায়, ‘স্পেনিছ ভাষাত শুনিবলৈ ১ টিপক বা ইংৰাজীত শুনিবলৈ ২ টিপক।’ আচলতে সেই দেশবোৰত আমেৰিকাৰ কোম্পানীয়ে কল চেণ্টাৰ চলায়।