শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Bhupen Hazarika: সুধাকণ্ঠৰ ওপজা দিনৰ পৰা নেপালৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ

Bhupen Hazarika: সুধাকণ্ঠৰ ওপজা দিনৰ পৰা নেপালৰ প্ৰতিবাদলৈ দিনটোৰ শীৰ্ষ খবৰ

Manas Borah
Manas Borah | Published: 08 Sep 2025 22:36 PM

আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। দেশে-বিদেশে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। লগতে চাওক দিনটোৰ শীৰ্ষ খবৰ...

আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। দেশে-বিদেশে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। অসম চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰিছে ভূপেন হাজৰিকাক।

এতিয়াৰে পৰা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নাম হ’ব সমন্বয় তীৰ্থ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা। লগতে সুধাকণ্ঠৰ নামত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি সংগ্ৰহালয় স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তাৰোপৰি ব’হাগ বিহুত সুধাকণ্ঠৰ নামত এটি নিশা উছৰ্গা কৰিবলৈও বিহু উদযাপন সমিতি সমূহলৈ আহ্বান জনায় ডঃ শৰ্মাই।

পলকতে চাওক দিনটোৰ শীৰ্ষ খবৰ…