হাতী এৰি হাতত ধৰিলে সত্যব্ৰত কলিতাই, একেখন নাৱৰে যাত্ৰী বিনন্দ-মানছিং…
কংগ্ৰেছলৈ বিজেপিৰ দুজন আৰু অগপৰ এজন প্ৰাক্তন বিধায়ক। দিল্লীত আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে তিনিওগৰাকী প্ৰাক্তন বিধায়কে। দললৈ আদৰণি জনাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে।

বিজেপিৰ দুজন আৰু অগপৰ এজন প্ৰাক্তন বিধায়কে সোমবাৰে দিল্লীত গৈ যোগদান কৰে কংগ্ৰেছত। এই তিনিওগৰাকী প্ৰাক্তন বিধায়কৰ যোগদানক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছে সমালোচনাৰ লক্ষ্য কৰি লৈছে বৰ্তমানৰ বিজেপিৰ চৰকাৰক। এই যোগদানৰ উপলক্ষে ৰাজ্যৰ বিজেপি চৰকাৰক কটাক্ষ কৰি কংগ্ৰেছে এক বিবৃতিত কয় যে, অসমৰ বিজেপি চৰকাৰে এতিয়া আৰু সাধাৰণ ৰাইজ, খাটিখোৱা জনতা, ক্ষুদ্ৰ ব্যৱসায়ী, শ্ৰমিক, কৃষকৰ বাবে কাম নকৰে। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ উন্নয়নৰ বাবেহে এই চৰকাৰে কাম কৰি আহিছে বুলি অভিযোগ কৰিছে প্ৰদেশ কংগ্ৰেছে।
বিকৃতিত কোৱা হৈছে য়ে,”আজি অসমৰ ৰাইজৰ হৈ কাম কৰিবৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ দুজন প্ৰাক্তন বিধায়ক আৰু অসম গণ পৰিষদৰ এজন প্ৰাক্তন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰিছে। নতুন দিল্লীত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে এই তিনিওজন নেতাক কংগ্ৰেছ দললৈ আদৰণি জনায়।”
এই সন্দৰ্ভত সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, “অসমত এতিয়া চৰকাৰৰ নামত হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ দৌৰাত্ম্য চলিছে। বিজেপিৰ মন্ত্ৰী আৰু কৰ্মকৰ্তাসকলে ৰাইজৰ স্বাৰ্থত কাম কৰাৰ পৰিৱৰ্তে হিমন্ত বিশ্ব শৰ্মা এণ্ড প্ৰাইভেট কোম্পানীৰ নীতি-নিৰ্দেশনা মানি চলিবলৈ বাধ্য হৈছে। সেইবাবে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক, কমলপুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাই অসম গণ পৰিষদ ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰিবলৈ আহিছে।”
“একেদৰে ছিপাঝাৰ সমষ্টিৰ ৩ বাৰৰ প্ৰাক্তন বিধায়ক তথা পূৰ্বৰ কংগ্ৰেছ নেতা বিনন্দ শইকীয়াই বিজেপি এৰি কংগ্ৰেছ দললৈ আহিছে। বৈঠালাংছু সমষ্টিৰ প্ৰাক্তন বিধায়ক, পূৰ্বৰ সংসদীয় সচিব মানছিং ৰংপীয়ে বিজেপি দলৰ নীতি-আদৰ্শৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি কংগ্ৰেছলৈ ঘূৰি আহিছে।” এইদৰে কয় গৌৰৱ গগৈয়ে।
ইফালে, ২০২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলৰ বহুকেইজন নেতা-কৰ্মীয়ে দল ত্যাগ কৰি কংগ্ৰেছলৈ আহিবলৈ আগ্ৰহ প্ৰকাশ কৰা বুলি ইংগিত দিয়ে গৌৰৱ গগৈয়ে। নিখিল ভাৰত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে আঁত ধৰা অনুষ্ঠানটোত নিখিল ভাৰত কংগ্ৰেছৰ প্ৰশাসনিক সাধাৰণ সম্পাদক কেচি বেণুগোপালৰ লগতে অসমৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ উপস্থিত থাকে।