শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Gen-Z ৰ প্ৰতিবাদৰ পাছতে নেপালৰ গৃহমন্ত্ৰীৰ পদত্যাগ…

প্ৰতিবাদত হতাহতিৰ পিছত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰা খবৰ প্ৰকাশ পাইছে। সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী অলিয়ে আহ্বান কৰা কেবিনেট বৈঠকত লেখকে পদত্যাগ পত্ৰ দাখিল কৰে।

Gen-Z ৰ প্ৰতিবাদৰ পাছতে নেপালৰ গৃহমন্ত্ৰীৰ পদত্যাগ…
নেপালৰ প্ৰতিবাদ
manas-borah
Manas Borah | Published: 08 Sep 2025 22:05 PM

নেপালত Gen-Z ৰ বা নৱ প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদৰ পিছত ভাবুকিৰ সন্মুখীন হৈছে কে পি শৰ্মা অলি চৰকাৰ। প্ৰতিবাদত হতাহতিৰ পিছত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰা খবৰ প্ৰকাশ পাইছে। খবৰ অনুসৰি, প্ৰতিবাদৰ অন্তত নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাই নিজৰ বাসগৃহত এক উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰে। য’ত গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰা হৈছিল। সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী অলিয়ে আহ্বান কৰা কেবিনেট বৈঠকত লেখকে পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ উপৰিও বহু কৰ্মীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গ্ৰহণ কৰা ব্যৱস্থাৰ বিৰুদ্ধে ৰমেশ লেখকৰ পদত্যাগৰ দাবী জনাইছিল। বৈঠকত কংগ্ৰেছ নেতাসকলে দুটা কথা বিবেচনা কৰে। য’ত অলি চৰকাৰৰ পৰা সমৰ্থন লোৱা আৰু লেখকৰ পদত্যাগৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। নেপালত কংগ্ৰেছ আৰু অলিৰ কমিউনিষ্ট পাৰ্টিৰ মিত্ৰতা আছে। নেপালী কংগ্ৰেছৰ সভাপতি শ্বেৰ বাহাদুৰ দেউবাই প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিক ছচিয়েল মিডিয়াত থকা নিষেধাজ্ঞা শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে।

ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ আগ্ৰাসী হৈ পৰে। প্ৰকাশিত খবৰ অনুসৰি, প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে সংসদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। য’ত ২০০ৰো অধিক প্ৰতিবাদকাৰী আহত হৈছে আৰু প্ৰায় ১৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পাইছে।

নেপালত ৰাষ্ট্ৰসংঘৰ আৱাসী সমন্বয়ক হানা চিংগাৰ-হামদীয়ে সোমবাৰে Gen-Z ৰ প্ৰতিবাদৰ সময়ত মৃত্যু আৰু আহত হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ফেচবুকৰ এটা পোষ্টত তেওঁ নিহতসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। লগতে সকলো পক্ষকে সংযম আৰু সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনায়। লগতে গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব পৰা পৰিবেশ গঢ়ি তুলিবলৈ চৰকাৰক আহ্বান জনায়।

লগতে পঢ়ক: নেপালত ভয়ংকৰ ৰূপ লৈছে প্ৰতিবাদে, এদিনতে ১৯ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু