শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ শিৰোনাম…

সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰে ভূপেন হাজৰিকাক। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

পলকতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ শিৰোনাম…
ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন
manas-borah
Manas Borah | Published: 08 Sep 2025 21:14 PM

আজি ৮ ছেপ্টেম্বৰ সোমবাৰৰ দিনটোত বহু গুৰুত্বপূৰ্ণ খবৰে শিৰোনাম দখল কৰিছে। আজি আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। দেশে-বিদেশে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। ইয়াৰ লগতে পঢ়ক দিনটোৰ ৯ টা শীৰ্ষ খবৰ।

দিনটোৰ শীৰ্ষ খবৰ

  1. আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৯৯ সংখ্যক জন্মদিন। দেশে-বিদেশে বিশ্ব বৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাৰে সুঁৱৰিছে অজস্ৰ গুণমুগ্ধই। অসম চৰকাৰে আজিৰে পৰা আৰম্ভ কৰিছে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিভিন্নজনে শ্ৰদ্ধা নিবেদন কৰিছে ভূপেন হাজৰিকাক।
  2. এতিয়াৰে পৰা ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰৰ নাম হ’ব সমন্বয় তীৰ্থ। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে এই কথা। লগতে সুধাকণ্ঠৰ নামত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এটি সংগ্ৰহালয় স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। তাৰোপৰি ব’হাগ বিহুত সুধাকণ্ঠৰ নামত এটি নিশা উছৰ্গা কৰিবলৈও বিহু উদযাপন সমিতি সমূহলৈ আহ্বান জনায় ডঃ শৰ্মাই।
  3. পুৱাই ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জনালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈক সংগ দিলে বিধায়ক ৰেকিবুদ্দিন আহমেদ, নন্দিতা দাসে। সমাধিস্থলত উপস্থিত হৈ গৌৰৱ গগৈয়ে কয়,”প্ৰতিগৰাকী ৰাজনীতিকে ভূপেন হাজৰিকাৰ পৰা শিকিবলগা আছে। ভূপেন হাজৰিকা আমাৰ মাজত সদায় থাকিব ৷ ভূপেন হাজৰিকা এজন আইকন, এজন লিজেণ্ড। ভূপেন হাজৰিকা অসমীয়া সংস্কৃতিৰ আটাইতকৈ বেষ্ট এম্বেছাদৰ।”
  4. আজি কংগ্ৰেছত যোগদান কৰিলে অসমৰ তিনি প্ৰাক্তন বিধায়কে। ছিপাঝাৰৰ প্ৰাক্তন বিজেপি বিধায়ক বিনন্দ কুমাৰ শইকীয়া, বৈঠালাংছ’ৰ প্ৰাক্তন বিজেপি বিধায়ক ডাঃ মানচিং ৰংপী আৰু কমলপুৰৰ অগপ বিধায়ক সত্যব্ৰত কলিতাৰ কংগ্ৰেছত যোগদান। নতুন দিল্লীত অনুষ্ঠিত এক কাৰ্যসূচীত তিনিওগৰাকী নেতাক দললৈ আদৰে কংগ্ৰেছ নেতৃত্বই। কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল, জীতেন্দ্ৰ সিং আৰু গৌৰৱ গগৈ সমন্বিতে কেবাজনো নেতা উপস্থিত থাকে এই যোগদান কাৰ্যসূচীত।
  5. সীমান্তত অব্যাহত আছে অনুপ্ৰৱেশকাৰীক ৰোধ কৰাৰ প্ৰচেষ্টা। ইয়াৰ অংশ হিচাপে সোমবাৰে ১৮ জন বাংলাদেশী অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱাৰ কথা সদৰী কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ দৃঢ়তাৰে কয় যে, অবৈধ অনুপ্ৰৱেশকাৰী যাতে পুনৰ ৰাজ্যখনলৈ ঘূৰি নাহে তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।
  6. মঙলবাৰে অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন। এনডিএৰ চি পি ৰাধাকৃষ্ণন আৰু ইণ্ডিয়া ব্লকৰ বি সুদৰ্শন ৰেড্ডীৰ মাজত হ’ব নিৰ্বাচনী যুঁজ। ইয়াৰ পূৰ্বে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এৰ সাংসদসকলৰ বাবে আয়োজন কৰিছে এক নৈশ ভোজৰ। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত নৰেন্দ্ৰ মোদীয়ে প্ৰথমটো ভোট প্ৰদান কৰিব বুলি সূত্ৰত প্ৰকাশ।
  7. নতুন প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰতিবাদত উত্তাল হৈ পৰিছে ভাৰতৰ চুবুৰীয়া দেশ নেপাল। এই প্ৰতিবাদে ক্ৰমাৎ ধাৰণ কৰিছে উগ্ৰ ৰূপ। আৰক্ষী-প্ৰশাসনৰ বাধা নেওচি উন্মত্ত প্ৰতিবাদকাৰীয়ে আনকি প্ৰৱেশ কৰিছে সংসদতো। নেপাল চৰকাৰে বহুকেইটা ছ’চিয়েল মিডিয়া এপ দেশত নিষিদ্ধ কৰাৰ পিছতে সৃষ্টি হৈছে প্ৰতিবাদমুখৰ পৰিস্থিতিৰ। প্ৰতিবাদৰ মাজতে কেবাজনো প্ৰতিবাদকাৰী নিহত হোৱা বুলিও জানিব পৰা গৈছে।
  8. হাংজৌত চলি থকা মহিলা হকী এছিয়া কাপত দুৰ্দান্ত প্ৰদৰ্শন ভাৰতৰ। এখন পুল মেচত ভাৰতীয় মহিলা দলটোৱে ছিংগাপুৰক ১২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। পুল বিৰ এই মেচখনত ভাৰতৰ জয়ৰ নায়িকা হৈ পৰে নৱনীত কৌৰ আৰু মুমতাজ খান। দুয়োৱে হেইট্ৰিক কৰে। ইফালে কালি দক্ষিণ কোৰিয়াক ৪-১ গ’লত পৰাস্ত কৰি এছিয়া কাপৰ খিতাপ দখল কৰে ভাৰতীয় পুৰুষ হকী দলে।
  9. অৱশেষত জামিন পালে অভিনেত্ৰী নন্দিনী কাশ্যপে। হিট এণ্ড ৰাণৰ গোচৰত জামিন লাভ কৰে অভিনেত্ৰীগৰাকীয়ে। যোৱা ৩০ জুলাইত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল নন্দিনীক। অভিনেত্ৰীগৰাকীৰ বাহনৰ খুন্দাত নিহত হৈছিল ছামিউল নামৰ এজন যুৱকৰ। ২৫ জুলাইত সংঘটিত হৈছিল এই দুৰ্ঘটনা। উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱতেই জামিন লাভ কৰে অভিনেত্ৰীগৰাকীয়ে।