শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দীৰ্ঘদিনীয়া ডিঙিৰ বিষ কোনটো ৰোগৰ লক্ষণ ? উপশম পোৱাৰ উপায় জানক

সাধাৰণতে চৰ্দি, এলাৰ্জী বা বতৰৰ পৰিৱৰ্তনৰ ফলত ডিঙিৰ বিষ হয়। এই সমস্যাৰ পৰা সোনকালে আৰোগ্য লাভ কৰা যায় যদিও কেতিয়াবা ডিঙিৰ বিষ বহুদিনলৈকে থাকে। কিন্তু স্থায়ী বিষ আৰু ডিঙিৰ বিষৰ আঁৰত কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা দিব পাৰে।

দীৰ্ঘদিনীয়া ডিঙিৰ বিষ কোনটো ৰোগৰ লক্ষণ ? উপশম পোৱাৰ উপায় জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 08 Sep 2025 15:45 PM

বতৰ সলনি হ’বলৈ আৰম্ভ কৰিছে। এই সময়ছোৱাl জ্বৰ, চৰ্দি, মূৰৰ বিষ, ডিঙি বিষৰ সমস্যা সৃষ্টি হয়। বেছিকৈ ঠাণ্ডা পানী খালে ডিঙি বিষৰ সমস্যা সৃষ্টি হয়। সাধাৰণতে চৰ্দি, এলাৰ্জী বা বতৰৰ পৰিৱৰ্তনৰ ফলত ডিঙিৰ বিষ হয়। এই সমস্যাৰ পৰা সোনকালে আৰোগ্য লাভ কৰা যায় যদিও কেতিয়াবা ডিঙিৰ বিষ বহুদিনলৈকে থাকে। কিন্তু স্থায়ী বিষ আৰু ডিঙিৰ বিষৰ আঁৰত কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা দিব পাৰে। ইয়াৰ আঁৰৰ কাৰণ কি হ’ব পাৰে জানক।

দীৰ্ঘদিনীয়া ডিঙিৰ বিষ সাধাৰণতে টনচিলাইটিছৰ ফলত হয়। ইয়াত ডিঙিৰ পিছফালৰ অংশ ফুলি উঠে। য’ত সংক্ৰমণ হয়। ইয়াৰ বাবে ডিঙিত বিষ, খাদ্য গিলিবলৈ অসুবিধা আৰু কেতিয়াবা জ্বৰ হ’ব পাৰে। এই সমস্যা শিশু আৰু কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। যদিও ডিঙিৰ বিষ ঘৰুৱা ঔষধৰ দ্বাৰা আৰোগ্য হয়, কিন্তু যদি এসপ্তাহতকৈ অধিক সময় ধৰি থাকে, জ্বৰ আৰম্ভ হয়, তেন্তে চিকিৎসাৰ বাবে পলম নকৰিব।

কেন্সাৰ হ’ব পাৰে

বেছিভাগ ক্ষেত্ৰতে ডিঙিৰ বিষ (ফেৰিঞ্জাইটিছ) ১০ দিনৰ ভিতৰত ভাল হয়। কিন্তু কেতিয়াবা, কেইবা সপ্তাহলৈকে থাকিব পাৰে। যদি ডিঙিৰ বিষ মাহৰ পিছত মাহ ধৰি থাকে আৰু আন আন লক্ষণ যেনে মাত সলনি হোৱা, গিলিবলৈ অসুবিধা হোৱা, অস্পষ্টভাৱে ওজন কমি যোৱাৰ অনুভৱ কৰে, তেন্তে ই ডিঙি বা লেৰিংছ কেন্সাৰৰ প্ৰাৰম্ভিক লক্ষণো হ’ব পাৰে। এনে ক্ষেত্ৰত তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজনীয়।

দীৰ্ঘদিন ধৰি ডিঙিৰ বিষ হোৱাৰ কাৰণ

দীৰ্ঘদিন ডিঙিৰ বিষ হোৱাৰ বহু কাৰণ থাকিব পাৰে। পৰিৱেশৰ ধোঁৱা বা ৰাসায়নিক পদাৰ্থৰ বাবে এই সমস্যাৰ সৃষ্টি হ’ব পাৰে বা ই অধিক গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ লক্ষণ হ’ব পাৰে।

দীৰ্ঘদিনীয়া এলাৰ্জীৰ বাবে আপোনাৰ টনচিল সংক্ৰমিত হৈ ফুলি উঠে। ইয়াৰ ফলত আপোনাৰ ডিঙি বিষ হ’ব পাৰে।

ধোঁৱা আৰু ৰাসায়নিক পদাৰ্থৰ দৰে বিষাক্ত পদাৰ্থৰ সংস্পৰ্শতো দীৰ্ঘদিনৰ বাবে ডিঙিৰ বিষ হ’ব পাৰে।

জি ই আৰ ডি (ক্ৰনিক এচিড ৰিফ্লাক্স) –যেতিয়া আপোনাৰ পেটৰ এচিড আপোনাৰ খাদ্যৰ নলীৰ ওপৰলৈ আহে আৰু জ্বলা-পোৰা কৰে, যাৰ ফলত ডিঙিৰ বিষ হয়।

লেৰিংগো ফেৰিঞ্জিয়াল ৰিফ্লাক্স (LPR)-যেতিয়া আপোনাৰ পেটৰ এচিড আপোনাৰ ডিঙিত উঠি যায় আৰু বিষৰ সৃষ্টি কৰে।

লক্ষণ আৰু কাৰণ

  • গিলিবলৈ অসুবিধা।
  • ডিঙিত কিবা এটা আবদ্ধ হৈ পৰা যেন লাগে।
  • ডিঙিৰ পৰা শব্দ ওলাই।
  • ডিঙিত বিষ বা খজুৱতি।
  • দুৰ্বল বা ভাগৰুৱা মাত।

কেনেকৈ ৰোগ নিৰ্ণয় কৰিব?

দ্ৰুত এন্টিজেন ধৰা পেলোৱা পৰীক্ষা – এই পৰীক্ষাত ষ্ট্ৰেপ থ্ৰ’টৰ দৰে বেক্টেৰিয়াৰ সংক্ৰমণৰ পৰীক্ষা কৰা হয়।

আপোনাৰ কোনো সংক্ৰমণ হৈছে নেকি আৰু ই কি ধৰণৰ (যেনে ভাইৰাছ, বেক্টেৰিয়া বা ভেঁকুৰ) সেইটো জানিবলৈ থ্ৰ’ট্ কালচাৰ পৰীক্ষা কৰিব পাৰে।

ডিঙিৰ বিষক স্বাভাৱিক চৰ্দি সমস্যা বুলি গণ্য কৰি আওকাণ কৰিব নালাগে। দীৰ্ঘদিন ডিঙিত বিষ হ’লে এলাৰ্জীৰ পৰা আৰম্ভ কৰি গুৰুতৰ ৰোগলৈকে যিকোনো ৰোগৰ লক্ষণ হ’ব পাৰে। গতিকে ডিঙিৰ বিষ ভাল হোৱা নাই যদি সময়মতে ই এন টি ডাক্তৰৰ লগত যোগাযোগ কৰিব লাগে।