শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

চাহ বনাওঁতে প্ৰথমে চেনি দিব লাগে নে পিছত দিব লাগে ? সোৱাদযুক্ত একাপ চাহৰ তৈয়াৰ কৰাৰ সঠিক পদ্ধতি জানক…

চাহ বনোৱাৰ সঠিক উপায় অতি কম সংখ্যকেহে জানে। বনোৱাৰ সময়ত হোৱা কিছুমান ভুলৰ বাবে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। চাহ বনোৱাৰ সঠিক উপায় জানক।

চাহ বনাওঁতে প্ৰথমে চেনি দিব লাগে নে পিছত দিব লাগে ? সোৱাদযুক্ত একাপ চাহৰ তৈয়াৰ কৰাৰ সঠিক পদ্ধতি জানক…
চাহImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 08 Sep 2025 17:19 PM

প্ৰতিজন অসমীয়াৰ চাহ অতি প্ৰিয়। একাপ চাহেৰে কিছুমান মানুহে দিনটো আৰম্ভ কৰে। কিছুমান মানুহে দিনটোত কমেও ৪-৬ বাৰ চাহ খায়। প্ৰতিজন ব্যক্তিয়ে নিজৰ নিজৰ ৰুচি অনুসৰি চাহ তৈয়াৰ কৰে। কিছুমানে ইয়াত আদা মিহলাই দিয়ে, আনহাতে কিছুমানে সাধাৰণ চাহ খাবলৈ ভাল পায়। কিছুমান মানুহে গাখীৰ দিয়া চাহ খায় ভাল পায়।

চাহৰ প্রস্তুতিৰ ওপৰত ইয়াৰ সোৱাদ নির্ভৰ কৰে ৷ কিছুমানে কম চাহপাত আৰু গাখীৰৰ চাহ খাবলৈ ভাল পায়, আনহাতে বহুতে কম মিঠা আৰু কম গাখীৰৰ চাহ খাবলৈ ভাল পায়। কিন্তু চাহ বনোৱাৰ সঠিক উপায় অতি কম সংখ্যকেহে জানে। বনোৱাৰ সময়ত হোৱা কিছুমান ভুলৰ বাবে ইয়াৰ সোৱাদ নষ্ট হৈ যায়। চাহ বনোৱাৰ সঠিক উপায় জানক।

চাহ বনোৱাৰ সঠিক উপায় কি?

চাহ বনোৱাৰ প্ৰথম পদক্ষেপটো হ’ল পানী উতলি যোৱাৰ পিছত তাত চাহপাত মিহলাই দিয়া হয়। ২ মিনিট উতলিবলৈ দিয়া হয়। যদি আপুনি আদা আৰু ইলাচিৰ সৈতে চাহ খাবলৈ ভাল পায়, তেন্তে সেয়া যোগ কৰিব পাৰে। ইয়াৰ ফলত সোৱাদ আৰু ভাল হ’ব।

এতিয়া বেছিভাগ মানুহে গাখীৰ দিয়াৰ পিছত চেনি যোগ কৰে। কিন্তু এইটো কৰা উচিত নহয়। বৰঞ্চ চাহপাত উতলাই ৩ৰ পৰা ৪ মিনিটৰ পিছত চেনি দিব লাগে। পানীত চাহপাতৰ সোৱাদ আহিলে তাৰ পিছত চেনি দিব। এতিয়া চেনি দ্ৰৱীভূত হোৱাৰ পিছত গাখীৰ দিব। কম জুইত ৫ৰ পৰা ১০ মিনিট মান সিজাব। এনে কৰিলে লাহে লাহে চাহৰ ৰং গাঢ় হৈ পৰিব আৰু সোৱাদও সঠিক হ’ব।

চাহ বনাওঁতে এই ভুলবোৰ নকৰিব

কিছুমানে পানী গৰম নোহোৱাৰ আগতে চাহপাত আৰু চেনি দি পানীত মিহলাই দিয়ে। এনে কৰিলে ঠাণ্ডা পানীত চাহপাত দিয়াৰ ফলত সোৱাদ নষ্ট হয়।

ইয়াৰ সমান্তৰালকৈ একাংশই ভাবে যে, চাহপাত বা গাখীৰ মিহলোৱাৰ পিছত বহু সময় উতলালে চাহখিনি সোৱাদ ভাল হ’ব। কিন্তু এইটো তেনেকুৱা নহয়, বৰঞ্চ ই চাহ কাপ তিতা কৰি তোলে। ইয়াৰ বাবেই গেছ বা এচিডিটিৰ সমস্যাও হ’ব পাৰে।

কিছুমানে চাহ সোৱাদযুক্ত কৰিবলৈ অত্যধিক চাহপাত দিয়ে। ইয়াৰ ফলত সোৱাদ নষ্ট হ’ব পাৰে। ইয়াৰ উপৰিও ই স্বাস্থ্যৰ ওপৰতো বেয়া প্ৰভাৱ পেলাব পাৰে।

বহু সময়ত মানুহে ভুল কৰে যে সকলো উপাদান একেলগে সঠিক পৰিমাণত নিদিয়া, যেনে চাহ বনাওঁতে চাহপাতৰ লগত চেনি যোগ কৰা বা গাখীৰ দিয়াৰ পিছতো চেনি বা চাহপাত দিয়ে। ইয়াৰ ফলত স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।