TV9 ASSAM
পলমকৈ সাৰ পোৱা, ৰাতিপুৱা ভজা খাদ্য খোৱা বা বহু সময় খালী পেটত ঘূৰি ফুৰা এই সকলোবোৰৰ ফলত শৰীৰত চৰ্বি জমা হ’ব পাৰে।
ওজন হ্ৰাস কৰিবলৈ ৰাতিপুৱাৰ কিছুমান অভ্যাস সলনি কৰিব লাগিব। ৰাতিপুৱাৰ সময়ৰ কিছুমান অভ্যাসে শৰীৰত অতিৰিক্ত চৰ্বিৰ সৃষ্টি কৰে।
বহুতে ৰাতি দেৰিলৈকে কাম কৰে আৰু ৰাতিপুৱা দেৰিকৈ সাৰ পায়। ৰাতি পৰ্যাপ্ত পৰিমাণে টোপনি নোপোৱা আৰু ৰাতিপুৱা বেছি দেৰিলৈকে শুলে ওজন বৃদ্ধি হ’ব পাৰে।
ৰাতিপুৱা খালী পেটেত কামলৈ যোৱা অভ্যাস অতি বেয়া। ৰাতিপুৱা খোৱাটো অতি প্ৰয়োজন। ৰাতিপুৱা পাৰিলে ভাল খাদ্য খাব লাগে।
দৈনন্দিন খাদ্যৰ তালিকাত প্ৰটিন, কাৰ্বহাইড্ৰেট, খনিজ পদাৰ্থ আৰু অন্যান্য উপাদানৰ সুষম খাদ্য অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজন। মাছ আৰু মাংসৰ পৰা আঁতৰি থকা ভাল।
বহুতে কম পানী খায়। পৰ্যাপ্ত পানীৰ অভাৱত শৰীৰত বিষাক্ত পদাৰ্থ জমা হোৱাৰ বাবে ওজন বৃদ্ধিৰ আশংকাও বৃদ্ধি পায়। গতিকে পানী খোৱাটো অতি প্ৰয়োজন।
ৰাতিপুৱা বহুতে ব্যায়াম নকৰে । নিয়মিত শাৰীৰিক ব্যায়াম কৰিলে ভাল। কমেও ১৫ মিনিট খোজ কাঢ়িলেও অতি উপকাৰ পাব পাৰি । ব্যায়াম নকৰাটো ওজন বৃদ্ধিৰ অন্যতম কাৰণ হ’ব পাৰে।
পঢ়িবলৈ ক্লিক কৰক