Glowing water Trend: ছ’চিয়েল মিডিয়াত হালধি আৰু পানীৰ যাদু! এই ট্ৰেণ্ডৰ আঁৰৰ কাৰণ জানো আহক
কিছু দিনৰ পৰা সামাজিক মাধ্যমত চৰ্চা চলি আছে Glowing Water Trend ৰ। এই ধাৰাটো বিশ্বৰ সকলো সামাজিক মাধ্যমত বিয়পি পৰিছে। ঘৰতে মাত্ৰ কেইটামান বস্তুৰ সহায়ত এই ট্ৰেণ্ডত অংশগ্ৰহণ কৰিব পাৰিব। কিন্তু এই যাদুৰ আঁৰত কি আছে?

বৰ্তমান ছ’চিয়েল মিডিয়া দখল কৰিছে এক নতুন ট্ৰেণ্ডে । সময়ে সময়ে ছ’চিয়েল মিডিয়াত বিভিন্ন ট্ৰেণ্ড দেখিবলৈ পোৱা যায়। এইবাৰ এটা নতুন ট্ৰেণ্ডে ছ’চিয়েল মিডিয়াক ধুমুহাৰ দৰে আগুৰি ধৰিছে। মাত্ৰ এচিকুট হালধি, পানী আৰু ফোনৰ ফ্লেছ লাইট ব্যৱহাৰ কৰি আপুনিও পোহৰৰ যাদু চাব পাৰে। লাখ লাখ মানুহে এয়া দেখি আচৰিত হৈছে আৰু এতিয়া ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, সকলোতে ভাইৰেল হৈ আছে।
এই নতুন ট্ৰেণ্ডটোৰ নাম হ’ল ‘গ্ল’য়িং ৱাটাৰ’। এই ট্ৰেণ্ডটো বিশ্বৰ সকলো সামাজিক মাধ্যম প্লেটফৰ্মত বিয়পি পৰিছে। ঘৰত থকা মাত্ৰ কেইটামান বস্তুৰে আপুনি এই ট্ৰেণ্ডত অংশগ্ৰহণ কৰিব পাৰে। পোহৰৰ যাদু দেখি আপোনাৰো মনটো ভাল লাগিব।
এই ট্রেণ্ডত অংশ ল’বলৈ বিশেষ খৰচ কৰাৰ প্রয়োজন নাই। এটা মোবাইল, পানীৰে ভৰা স্বচ্ছ কাঁচৰ গিলাচ, এচিকুট হালধি গুড়ি বা এটা ভিটামিন B2-ৰ কেপচুল থাকিলেই হ’ল। এই ট্ৰেণ্ড অনুসৰণ কৰিবলৈ এটা আন্ধাৰ কোঠাত প্ৰথমে মোবাইল ফোনৰ ফ্লেছ লাইটৰ ওপৰত পানীৰে ভৰা স্বচ্ছ কাঁচৰ গিলাচ থ’ব লাগিব। তাতে এচামুচ হালধি দিলেই যাদু! হালধীয়া পোহৰৰ আভা চাৰিওফালে বিয়পি পৰে। কিন্তু হালধি আৰু পানীৰ এই যাদুৰ আঁৰত কি ৰহস্য আছে আপুনি জানেনে?
বৈজ্ঞানিক কাৰণ
হালধি আমাৰ দৈনন্দিন জীৱনত বহুল ব্যৱহৃত এবিধ মচলা। যেতিয়া ই পানীত মিহলি কৰা হয়, তেতিয়া মিশ্ৰণটো অধিক উজ্জ্বল হৈ জ্বলি থকা যেন লাগে। ইয়াৰ মূল কাৰক হৈছে হালধিত থকা Curcumin নামৰ প্ৰাকৃতিক ৰঞ্জক। ই চেনী বা নিমখৰ দৰে সম্পূৰ্ণ মিহলি হৈ নাযায়। হালধিত থকা সৰু সৰু কণিকাবোৰ পানীত ওপঙি থাকে। সেয়ে ই উজ্জ্বল হৈ পৰে। Curcuminৰ যথেষ্ঠ এন্টি-ইনফ্লেমেটৰী আৰু এন্টিঅক্সিডেন্ট গুণ আছে, যি ছালৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়।
যদি আমি হালধিৰ গুড়ি বা এটা ভিটামিন B2-ৰ কেপচুল কথা ক’বলৈ যাও, তেন্তে Ultraviolet ৰশ্মিৰ পোহৰত পানীক উজ্জ্বল কৰি তোলে। যেতিয়া ইয়াৰ ওপৰত সূৰ্যৰ পোহৰ বা ফ্লাছৰ পোহৰ পৰে, তেতিয়া এই কণিকাবোৰে সেই পোহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটায়। সেই বাবে মোবাইল ফ্লেছৰ ওপৰত থোৱা কাঁচৰ পানীৰ গিলাচত হালধি গুড়ি বা ভিটামিন B2 মিহলালে উজ্জ্বলতা দেখা যায়। সেয়ে সকলোৱে পোহৰৰ এই যাদু চাই আনন্দ পাইছে।