ওড়িশাৰ জনসভাত অসমৰ উদাহৰণ দাঙি ধৰি ভাষণ দিলে প্ৰধানমন্ত্ৰীয়ে, লগে লগে কৃতজ্ঞতা প্ৰকাশ মুখ্যমন্ত্ৰীৰ
প্ৰধানমন্ত্ৰীয়ে ওড়িশাত উপস্থিত হৈ দিয়া ভাষণত কয় যে, অসমত এতিয়া অস্থিৰতা, বিদ্ৰোহ, হিংসা আৰু নাই। এই অস্থিৰতাৰ পৰা মুক্ত হৈছে অসম। ইয়াৰ বিপৰীতে ৰাজ্যখনে উন্নতিৰ পথত আগবাঢ়িছে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অসমে এতিয়া উন্নতিৰ পথত আগবাঢ়িছে ! ওড়িশাত গৈ দিয়া ভাষণত অসমৰ কথা এইদৰে উল্লেখ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰধানমন্ত্ৰীয়ে ওড়িশাত উপস্থিত হৈ দিয়া ভাষণত কয় যে, অসমত এতিয়া অস্থিৰতা, বিদ্ৰোহ, হিংসা আৰু নাই। এই অস্থিৰতাৰ পৰা মুক্ত হৈছে অসম। ইয়াৰ বিপৰীতে ৰাজ্যখনে উন্নতিৰ পথত আগবাঢ়িছে।
ইয়াৰ পাছতে অসমৰ মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে, ওড়িশাত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে অসমৰ উদাহৰণ দাঙি ধৰাটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখনে ৰাষ্ট্ৰীয় পৰ্যায়ত কি প্ৰভাৱ পেলাইছে তাৰ ইংগিত দিয়ে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনায় ।
“অসম বিকাশৰ অনিৰুদ্ধ গতিৰে আগবাঢ়িছে ৷ বিগত কেইটিমান বছৰত হোৱা অসমৰ সৰ্বদিশৰ ইতিবাচক পৰিৱৰ্তনক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ এখন জনসভাত অতি শেহতীয়াকৈ যিধৰণে প্ৰশংসা কৰি অসমৰ উন্নয়নৰ বাৰ্তা ভাৰতবৰ্ষৰ সকলো ৰাজ্যকে অৱগত কৰিলে বাবে অসমবাসীৰ হৈ তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷” এইদৰে কয় হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ২০ জুন তাৰিখে প্ৰধানমন্ত্ৰীয়ে ওড়িশাত দিয়া ভাষণত অসম আৰু ইয়াৰ পৰিৱৰ্তিত পৰিস্থিতিৰ উদাহৰণ দাঙি ধৰিছিল। তেওঁ কৈছিল যে, এটা দশকৰ আগলৈকে ৰাজ্যখনৰ পৰিস্থিতি অতি বেয়া আছিল। “এই সময়ছোৱাত কেৱল অস্থিৰতা, বিদ্ৰোহ, হিংসাহে দেখা পোৱা গ’ল। কিন্তু আজি অসমে উন্নয়নৰ নতুন পথত আগবাঢ়িছে।” এই দৰে কৈছিল প্ৰধানমন্ত্ৰীয়ে।
তেওঁ লগতে কয় যে, দশক দশক পুৰণি বিদ্ৰোহৰ সমস্যা সমাধান হৈছে আৰু উন্নয়নৰ দিশত ৰাজ্যখনে এতিয়া বহু পৰিমাণে আন ৰাজ্যক অতিক্ৰম কৰিছে।