শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন! মাজ আকাশতে খুন্দা চৰাইৰ

পুনৰ এয়াৰ ইণ্ডিয়াৰ বিমানত অঘটন! মাজ আকাশতে খুন্দা চৰাইৰ

trishna-kalita
Trishna Kalita | Published: 21 Jun 2025 20:45 PM

সূত্ৰ অনুসৰি বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে পাইলটসকলে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক অৱগত কৰে যে এটা চৰাইয়ে আকাশৰ মাজতে বিমানখনত খুন্দা মাৰিছে। কিন্তু বিশেষ ক্ষতি হোৱা নাছিল। ফলত এশৰো অধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল।

আহমেদাবাদৰ মেঘনীনগৰত এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ কেইঘণ্টামান পিছতে ডিজিচিএই কয় যে বিমানখন চৰাইৰ খুন্দা মৰাৰ সম্ভাৱনা আছে। প্ৰশ্ন উত্থাপন হয়, বিমানবন্দৰৰ পৰা উৰা মৰা বিমান এখনে কেনেকৈ চৰাইৰ জাকত খুন্দা মাৰিব পাৰে? কৰ্তৃপক্ষই বিমানবন্দৰৰ আশে-পাশে থকা অঞ্চলটো সঠিকভাৱে নিৰীক্ষণ কৰা নাই নেকি?

এই ঘটনাৰ কেইসপ্তাহমান পিছতে এয়াৰ ইণ্ডিয়াৰ আন এখন বিমানত পুনৰ চৰায়ে খুন্দা মাৰে। অৱশ্যে এইবাৰ টেক অফ বা লেণ্ডিঙৰ সময়ত হোৱা নাছিল এই ঘটনা। জানিব পৰা মতে, সেইদিনা পুৱা ৫:৩০ বজাত পুনে অভিমুখী এ আই ২৪৬৯ বিমানখন দিল্লী বিমানবন্দৰৰ পৰা উৰা মাৰিছিল। পুৱা ৭:১৪ বজাত পুনে আহি পায় বিমানখন। সূত্ৰ অনুসৰি বিমানবন্দৰত অৱতৰণ কৰাৰ লগে লগে পাইলটসকলে এয়াৰ ইণ্ডিয়া কৰ্তৃপক্ষক অৱগত কৰে যে এটা চৰাইয়ে আকাশৰ মাজতে বিমানখনত খুন্দা মাৰিছে। কিন্তু বিশেষ ক্ষতি হোৱা নাছিল। ফলত এশৰো অধিক যাত্ৰীৰ প্ৰাণ ৰক্ষা পৰিল।