শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰা হেডিংলি টেষ্টলৈ... চাওক দিনটোৰ শীৰ্ষ খবৰ

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ পৰা হেডিংলি টেষ্টলৈ… চাওক দিনটোৰ শীৰ্ষ খবৰ

Trishna Kalita
Trishna Kalita | Published: 21 Jun 2025 22:03 PM

আজিৰ দিনটোত ক'ত কি ঘটিল? পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ...

আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। বিশাখাপট্টনমত যোগাসন কাৰ্যসূচীত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। যোগাসনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ ডিঙিত দেখা যায় অসমৰ গামোচা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গামোচাক দিয়া সন্মানৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। বাক্সাত যোগ দিৱসৰ কাৰ্যসূচীত অংশ লয় মুখ্যমন্ত্ৰী শৰ্মাই। দেওবাৰৰ পৰা অনুষ্ঠিত হ’ব অম্বুবাচী মেলা। এই উলক্ষে কামাখ্যা মন্দিৰত দেখা গৈছে দেশ-বিদেশৰ সাধু-সন্যাসীৰ লগতে ভক্তৰ ভিৰ। ২২ জুনৰ দুপৰীয়া ২.৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হ’ব। আনহাতে ২৬ জুনৰ পুৱতি নিশা ৩ বজাত অম্বুবাচীৰ নিবৃত্তি হ’ব। অম্বুবাচী মেলাৰ বাবে নিৰ্দেশনা জাৰী কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাক যুদ্ধ তুংগত থকাৰ সময়তে আজি জালুকবাৰী সমষ্টি ভ্ৰমণ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। আগিয়াঠুৰী গণেশ মন্দিৰত পূজা আগবঢ়ায় গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সমুখত মুখ্যমন্ত্ৰীক ৰাজনৈতিক হিন্দু বুলি কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। পলকতে চাও আহক অসমৰ লগতে দেশ বিদেশৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ…