শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Airplane: ধূমপান সম্পূৰ্ণ নিষিদ্ধ, বিমানৰ বাথৰুমত কিয় এছট্ৰে ৰখা হয় জানেনে ?

বিমানত কঠোৰভাৱে ধূমপান নিষিদ্ধ কৰা হৈছে । ইয়াৰ পিছতো আপুনি মন কৰিছেনে যে, বিমানত ধূমপান নিষিদ্ধ যদিও বাথৰুমত ৰখা হয় এচট্ৰে । এইবাৰ ভাৱক ! যদি ধূমপান নিষিদ্ধ তেন্তে বিমানত কিয় ৰখা হয় এচট্ৰে ?

Airplane: ধূমপান সম্পূৰ্ণ নিষিদ্ধ, বিমানৰ বাথৰুমত কিয় এছট্ৰে ৰখা হয় জানেনে ?
Image Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 21 Jun 2025 15:16 PM

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। এই কথা জানিও বহুতে কৰে ধূমপান । বহু ৰাজহুৱা স্থানত ধূমপান নিষিদ্ধ । ৰে’ল, বিমান, ৰে’ল ষ্টেচন, বিমানবন্দৰ আদি ঠাইত কেতিয়াও কৰিব নোৱাৰে ধূমপান। বিশেষভাৱে বিমানত কঠোৰভাৱে ধূমপান নিষিদ্ধ কৰা হৈছে । ইয়াৰ পিছতো আপুনি মন কৰিছেনে যে, বিমানত ধূমপান নিষিদ্ধ যদিও বাথৰুমত ৰখা হয় এচট্ৰে । এইবাৰ ভাৱক ! যদি ধূমপান নিষিদ্ধ তেন্তে বিমানত কিয় ৰখা হয় এচট্ৰে ?

১৯৮০ চনৰ পৰা এই নিয়ম চলি আহিছে । যদিও বিমানত ধূমপান নিষিদ্ধ, তথাপিও অধিক সাৱধানতা অৱলম্বন কৰি এচট্ৰে ৰখা ব্যৱস্থা কৰে বেছিভাগ বিমান সংস্থাই । যাত্ৰী আৰু বিমানৰ সুৰক্ষাৰ কথা মনত ৰাখি এই নিয়ম চলি আহিছে ।

নিয়ম উলংঘা কৰি বিমানত ধূমপান কৰিলে আপোনাক বৃহৎ জৰিমনা বিহা হ’ব পাৰে। আইন অনুসৰি, কঠোৰ ব্যৱস্থাও ল’ব পাৰে আপোনাৰ বিৰুদ্ধে । এনে কঠোৰ নিয়ম থকাৰ পাছতো বিমানৰ বাথৰুমত এচট্ৰে ৰখাৰ উদ্দেশ্য কি ?

ভাৱক ! নিয়ম যিমানেই কঠোৰ নহওক কিয়, কোনোবাই যদি ভংগ কৰিবলৈ চেষ্টা কৰে তেন্তে কি হ’ব? হয়তো বাথৰুমত কোনোবাই গোপনে ধূমপান কৰিব পাৰে । তদুপৰি তেওঁ ধৰা পৰাৰ ভয়ত হাতত জ্বলি থকা চিগাৰেট নুমুৱাবলৈ চেষ্টা কৰিব। যদি আপুনি সেই চিগাৰেট ডাষ্টবিনত পেলাই দিয়ে,তাৰ পৰাও জুইৰ আশংকা থাকে !

ইয়াৰ ফলত আপোনাৰ লগতে সমগ্ৰ বিমানখন ডাঙৰ বিপদত পৰিব পাৰে ! গতিকে যাত্ৰীয়ে নিয়ম ভংগ কৰিলেও যাতে কোনো ধৰণৰ বিপদৰ সন্মুখীন বা সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই ব্যৱস্থা কৰা হয় ।