অম্বুবাচীত কামাখ্যা মন্দিৰৰ বন্ধ দুৱাৰৰ ভিতৰত কি হয়?

22 JUNE 2025

TV9 ASSAM

আজিৰে পৰা শক্তিপীঠ কামাখ্যা মন্দিৰত অম্বুবাচী মহাযোগ । প্ৰবৃত্তিৰ লগে লগে ভক্ত-দৰ্শনাৰ্থীৰ বাবে বন্ধ হ’ব কামাখ্যা মন্দিৰৰ মূল দুৱাৰ ।

অম্বুবাচী

জানিব পৰা মতে, দেওবাৰে দিনৰ ২ বাজি ৫৬ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি হ’ব আৰু অম্বুবাচীৰ নিবৃত্তি হ’ব ২৫ জুনৰ নিশা ৩ বাজি ২৩ মিনিটত ।

সময়

অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰৰ মূল দুৱাৰখন তিনিদিন ধৰি বন্ধ হৈ থাকে। কোৱা হয় যে বছৰত এবাৰ অৰ্থাৎ এই জুন মাহত মা কামাখ্যাৰ ঋতুস্ৰাৱ হয়। ইয়াৰ অৰ্থ কি?

দুৱাৰ বন্ধ

কোৱা হয় যে বছৰত এবাৰ মাৰ ঋতুস্ৰাৱ হয়। সেই সময়ত মন্দিৰৰ মূল দুৱাৰখন বন্ধ হৈ থাকে। ঠিক তিনিদিন পিছতে মন্দিৰৰ মূল দুৱাৰখন খোল খায় আৰু ভক্তসকলে মাৰ দৰ্শন কৰে।

কিয় বন্ধ কৰা হয়

আটাইতকৈ ৰহস্যজনক কথাটো হ’ল মন্দিৰৰ মূল দুৱাৰখন বন্ধ হোৱাৰ ঠিক আগতেই গৰ্ভগৃহত থকা মাৰ শিলৰ মূৰ্তি কাপোৰেৰে ঢাকি দিয়া হয়।

কি হয়?

এইকেইদিন মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায়। অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ ৰক্তবস্ত্ৰ আগবঢ়ায়।

বিশ্বাস

দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰবল। সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে।

ৰক্তবস্ত্ৰ

চাবলৈ ক্লিক কৰক 

অম্বুবাচীত পতিহীনা মহিলাসকলে কি কি ৰীতি-নীতি পালন কৰে?