আক্ৰাম, কুম্বলেক অতিক্ৰমি বুমৰাহে ৰচিলে ঈৰ্ষনীয় অভিলেখ

22 June 2025

TV9 ASSAM

লিডছত চলি থকা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ প্ৰথমখন টেষ্টত ভাৰতে ৪৭১ ৰান সংগ্ৰহ কৰাৰ পিছত ইংলেণ্ডে দ্বিতীয় দিনৰ অন্তলৈ ৩ উইকেটত ২০৯ ৰান সংগ্ৰহ কৰিছে।

ভাৰত-ইংলেণ্ড

ইংলেণ্ডৰ ইনিংছত পতন ঘটা তিনিওটা উইকেট দখল কৰিছে যশপ্ৰীত বুমৰাহে। তেওঁ বিদায় দিছে জেক ক্ৰ’লি, বেন ডাকেট আৰু জ’ ৰুটক।

বুমৰাহ

ইংলেণ্ডৰ বিৰুদ্ধে এনে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰি এক অনন্য অভিলেখ সৃষ্টি কৰিছে। ইংলেণ্ডৰ ইনিংছত ২টা উইকেট দখল কৰাৰ লগে লগে তেওঁ গঢ়ে এক নতুন অভিলেখ।

ৰেকৰ্ড

বুমৰাহে এতিয়া SENA দেশ- দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াত সৰ্বাধিক উইকেট দখল কৰা এছিয়াৰ বলাৰ হিচাপে অভিলেখ ৰচিছে।

ছেনা ৰেকৰ্ড

এইক্ষেত্ৰত তেওঁ অতিক্ৰম কৰিছে পাকিস্তানৰ কিংবদন্তি পেচাৰ ৱাছিম আক্ৰাম। SENA দেশত এতিয়া বুমৰাহৰ নামত আছে ১৪৮টা টেষ্ট উইকেট।

অতিক্ৰম

ইয়াৰ পূৰ্বে এই তালিকাৰ শীৰ্ষত আছিল পাকিস্তানৰ কিংবদন্তি তাৰকা ৱাছিম ​​আক্ৰাম। SENA দেশত ৱাছিম ​​আক্ৰামে ১৪৬টা উইকেট দখল কৰিছিল।

আক্ৰাম

ভাৰতৰ কিংবদন্তি স্পিনাৰ তথা টেষ্ট ইতিহাসৰ তৃতীয় সৰ্বাধিক উইকেট দখলকাৰী অনিল কুম্বলে এই তালিকাত ১৪১টা উইকেটৰে তৃতীয় স্থানত আছে।

কুম্বলে

এইক্ষেত্ৰত বুমৰাই ২০.৯৯  গড়ে উইকেট দখল কৰিছে। এই পৰিসংখ্যা আন যিকোনো বলাৰতকৈ বহু কম। ৱাছিম ​​আক্ৰামৰ এইক্ষেত্ৰত গড় আছিল ২৪.১১।

গড়

পঢ়িবলৈ ক্লিক কৰক 

অম্বুবাচীত কামাখ্যাৰ বন্ধ দুৱাৰৰ ভিতৰত কি হয়?