22 June 2025
TV9 ASSAM
Photos Credit: Getty Images
পিয়াঁজৰ ৰস চুলিৰ বাবে অতি উপকাৰী। ঘৰত সহজে পিয়াঁজৰ ৰস প্ৰস্তুত কৰি চুলিত ব্যৱহাৰ কৰিব পাৰে।
চুলিৰ বহু সমস্যা দূৰ কৰে পিয়াঁজৰ ৰসে। পিয়াঁজত প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। চুলি মজবুত কৰাত ই সহায় কৰে।
পিয়াঁজৰ ৰসৰ চুলিৰ মাস্কে চুলি ডাঠ আৰু দীঘল কৰে। পিয়াঁজৰ ৰসৰ লগত এলোভেৰা মিহলাই লগালে আৰু অধিক উপকাৰিতা পাব।
এলোভেৰা জেল আৰু পিয়াঁজত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই মাক্স চুলিৰ গুৰিত লগালে অধিক সুফল পাব।
এলোভেৰা জেল আৰু পিয়াঁজৰ ৰস মিহলাই চুলিৰ শিপা আৰু মূৰৰ ছালত লগাব। তাৰ পিছত ৩০ মিনিট ৰাখি চেম্পুৰে চুলিখিনি ধুব লাগে।
পিয়াঁজৰ ৰসৰ লগত নাৰিকল তেল মিহলাই চুলিত লগাব পাৰে। ইয়াৰ দ্বাৰা ভাল ফল লাভ কৰিব।
পিয়াঁজৰ ৰসৰ লগত নাৰিকল তেল মিহলাই চুলিৰ গুৰিত লগাব। ৪৫ মিনিট মান ৰাখি চুলিখিনি ধুব। ইয়াৰ দ্বাৰা ভাল ফলাফল পাব।
পঢ়িবলৈ ক্লিক কৰক