শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজা ৰঘুবংশী কাণ্ডত আন এজনক গ্ৰেপ্তাৰ, বিশালক দিছিল ফ্লেট, এইদৰে সহায় কৰিছিল সোণমক ….

ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ গোচৰত আন এজনক গ্ৰেপ্তাৰ। শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে সোণমক লুকুৱাবলৈ ফ্লেট দিয়া সম্পত্তিৰ দালালক। ২৫ৰ পৰা ২৭ মে'লৈ তাতে আছিল সোণম।

ৰাজা ৰঘুবংশী কাণ্ডত আন এজনক গ্ৰেপ্তাৰ, বিশালক দিছিল ফ্লেট, এইদৰে সহায় কৰিছিল সোণমক ….
ৰাজা ৰঘুবংশী কাণ্ডত আন এজনক গ্ৰেপ্তাৰ
trishna-kalita
Trishna Kalita | Published: 22 Jun 2025 14:06 PM

ইন্দোৰৰ ৰাজা ৰঘুবংশী হত্যাকাণ্ডত আকৌ এজনক গ্ৰেপ্তাৰ হৈছে। বিগত নিশা শ্বিলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দালাল ছিলম জেমছক। এই একেজন দালালে ৰাজা হত্যাকাণ্ডৰ অভিযুক্ত বিশালক ইন্দোৰৰ দেৱাছ নাকাত এটা ফ্লেট ভাড়াত দিছিল। সোণমেও আত্মসমৰ্পণ কৰাৰ আগতে এই ফ্লেটতে আছিল। প্ৰমাণ লুকুৱাই ৰখা আৰু ধ্বংস কৰাৰ গোচৰত শ্বিলং আৰক্ষীয়ে ছিলম জেমছক সহ-অভিযুক্ত হিচাপে ৰাখিছে।

ফ্লেটটোৰ চকীদাৰৰ সৈতে ছিলমে বেগটো নিৰুদ্দেশ কৰিছিল, য’ত এটা পিষ্টল আৰু পাঁচ লাখ টকাৰ লগতে ৰাজাৰ গহনা থকা বুলি জানিব পৰা গৈছে। ইফালে সোণম আৰু ৰাজক ১৩ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

এই ফ্লেটটো দেৱাছ-নাকাত অৱস্থিত। ২৫ৰ পৰা ২৭ মে’লৈ তাতে আছিল সোণম। অভিযোগ অনুসৰি আৰক্ষীয়ে ট্ৰেক কৰিব নোৱাৰিবৰ বাবে ফ্লেটত প্ৰৱেশ কৰাৰ পিছত সোণমে তেওঁৰ ফোন আৰু চিম কাৰ্ড ধ্বংস কৰিছিল।  আৰক্ষীয়ে ফ্লেটটোৰ পৰা মাত্ৰ কিছু বাচন-বৰ্তন আৰু কাপোৰ উদ্ধাৰ কৰাৰ বিপৰীতে বহু গুৰুত্বপূৰ্ণ প্ৰমাণ বিচাৰি নাপালে  ।

শ্বিলং আৰক্ষীৰ দলটোৱে সোণমৰ ঘৰ, ভাতৃ গোবিন্দৰ কাৰ্যালয় আৰু ইন্দোৰৰ কাৰখানা পৰিদৰ্শন কৰে। দুঘণ্টাৰো অধিক সময় পৰিয়ালৰ লোকক সোধা-পোছা কৰা হয়। এই জেৰাত ফ্লেটটোত কটোৱা সময় আৰু সোণমৰ কাম-কাজ সম্পৰ্কে তথ্য সংগ্ৰহৰ প্ৰয়াস কৰা হৈছিল। বৰ্তমান এই গোচৰৰ অধিক তদন্ত চলি আছে, যাতে হত্যাকাণ্ডৰ প্ৰকৃত উদ্দেশ্য জানিব পৰা যায়।

ৰাজা হত্যাকাণ্ডৰ কাহিনী কি?

১১ মে’ত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ২০২৫ চনৰ ২১ মে’ত ইন্দোৰৰ পৰা ৰাজা-সোণমে মেঘালয়ত উপস্থিত হয়। ২৩ মে’ত ৰাজাক আকাশ ৰাজপুত, বিশাল সিং চৌহান আৰু আনন্দ কুৰ্মীয়ে হত্যা কৰে। এই হত্যাকাণ্ডত সোণমো জড়িত আছিল। আৰু হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড আছিল সোণমৰ প্ৰেমিক ৰাজ কুশৱাহা। হত্যাকাণ্ডৰ পিছতে অভিযুক্তৰ সৈতে পলাই যায় সোণম। আনফালে সকলোৱে অনুভৱ কৰিছিল যে ৰাজা আৰু সোণমৰ লগত কিবা এটা অনাকাংশিত ঘটনা ঘটিছে। তাৰ পিছত ২ জুনত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়। তেওঁক হত্যা কৰাৰ সন্দেহত অভিযান আৰম্ভ হয়। তাৰ পিছত আৰক্ষীয়ে হত্যাকাণ্ডৰ কথা উদঙাই দিয়ে। সম্প্ৰতি সোণম, ৰাজ আৰু তিনিওজন অভিযুক্ত ১৩ দিনৰ বাবে ন্যায়িক জিম্মাত আছে।