Gaurav Gogoi, Assam News: গৌৰৱ গগৈৰ বিজেপিক আক্ৰমণৰ পৰা লিডছ টেষ্টলৈ দিনটোৰ শীৰ্ষ খবৰ
বিজেপি-আৰএছএছৰ পুনৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে । একে সময়তে ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰিছে । ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।
পুনৰ বিজেপি আৰু আৰ এছ এছ সম্পৰ্কে মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। এক সংবাদমেলত তেওঁ কয় যে বিজেপি, আৰএছএছ, বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলত অপৰাধ প্ৰৱণ মানুহ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জিন্নাৰ দৰে ৰাজনীতি কৰিছে বুলিও কয় গৌৰৱ গগৈয়ে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অভিযোগ কৰে যে শেহতীয়াকৈ ৫ হাজাৰৰো অধিক ছ’চিয়েল মিডিয়া একাউণ্ট অসম কংগ্ৰেছৰ সপক্ষে সক্ৰিয় হৈ পৰিছে। এই একাউণ্টসমূহৰ বেছিভাগেই ইছলামিক দেশৰ পৰা চলি আছে। যোৱা এমাহ ধৰি এইবোৰ একাউণ্টে একান্তভাৱে অসম কংগ্ৰেছৰ এজন বিশেষ নেতাৰ কাৰ্যকলাপৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি কয় ডঃ শৰ্মাই।
ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ ।