প্ৰস্ৰাৱৰ ৰং সলনি যকৃত ক্ষতিৰ লক্ষণ নেকি? AIIMS ৰ চিকিৎসকৰ পৰা জানক…
Urine: প্ৰস্ৰাৱৰ সলনি হোৱা ৰঙে আমাক বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ ইংগিত দিব পাৰে। যেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি হয় তেতিয়া বিভিন্ন সমস্যাৰ ই কাৰণ হ'ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে এগৰাকী জ্যেষ্ঠ চিকিৎসকে।
যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং হালধীয়া হয়, তেন্তে ইয়াৰ অৰ্থ কেইবাটাও হ’ব পাৰে। যেতিয়া শৰীৰত পানীৰ অভাৱ হয় তেতিয়া প্ৰস্ৰাৱৰ ৰং হালধীয়া হৈ পৰে। পিছে প্ৰশ্ন হয়, হালধীয়া প্ৰস্ৰাৱে যকৃতৰ সমস্যাৰ ইংগিত দিয়ে নেকি? এই সন্দৰ্ভত সবিশেষ জনাইছে এইমছ ডাঃ হিমাংশু ভাদানীয়ে। তেওঁ প্ৰস্ৰাৱৰ ৰং হালধীয়া হোৱাৰ বহু কেইটা কাৰণৰ বিষয়ে কৈছে। লগতে জনাইছে কেতিয়া হৈ পৰে চিন্তাৰ কাৰণ।
ডাঃ ভাদানীয়ে কয় যে, যেতিয়া কোনো ব্যক্তিয়ে প্ৰয়োজনতকৈ কম পানী খাই তেতিয়া প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’ব পাৰে। ইয়াৰোপৰি কিছুমান মানুহে চাপ্লিমেন্ট লয়, বিশেষকৈ বি ১২ ৰ পৰিপূৰক ললে প্ৰস্ৰাৱৰ ৰং হালধীয়া হ’ব পাৰে।
যকৃতৰ ৰোগৰ লক্ষণ নেকি?
চিকিৎসকগৰাকীয়ে কয় যে, ফেটি লিভাৰ হ’লে প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে। এই অৱস্থাত প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া বা চাহৰ দৰে হ’ব পাৰে। যেতিয়া যকৃতে বিলিৰুবিন সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰিব নোৱাৰে, তেতিয়া এইবোৰ শৰীৰত জমা হ’বলৈ ধৰে। যকৃতৰ লগত জড়িত আন সমস্যা যেনে জণ্ডিছৰ ফলতো এনে হ’ব পাৰে। ইয়াৰ লগতে ভাগৰুৱা, পাতল ৰঙৰ মল, বা পেটৰ বিষ আদি হ’ব পাৰে।
যকৃত ক্ষতিৰ লক্ষণ নেকি
চিকিৎসকগৰাকীয়ে কয় যে, শৰীৰত বিলিৰুবিন জমা হোৱাৰ ফলত এনে হয়। সুস্থ যকৃতে বিলিৰুবিন প্ৰক্ৰিয়াকৰণ কৰে, কিন্তু যেতিয়া যকৃতৰ ক্ষতি হয় বা অতিমাত্ৰা কাম হয় তেতিয়া তেজত অধিক বিলিৰুবিন জমা হয়। তেনেস্থলত ই প্ৰস্ৰাৱৰ জৰিয়তে নিৰ্গত হয়। এনে অৱস্থাত প্ৰস্ৰাৱৰ ৰং গাঢ় হালধীয়া দেখা যায়। ই যকৃতৰ ক্ষতিৰ এক লক্ষণ।
প্ৰস্ৰাৱৰ ৰং কেনেকুৱা হ’ব লাগে?
ডাঃ ভাদানীয়ে কৈছে যে প্ৰস্ৰাৱ বেছি হালধীয়া হ’ব নালাগে বা সম্পূৰ্ণ বগা হ’ব নালাগে। ইয়াৰ ৰং পাতল হালধীয়া হ’ব লাগে। যদি প্ৰস্ৰাৱৰ ৰং সলনি হয় তেতিয়া ই বিভিন্ন শাৰীৰিক সমস্যাৰ লক্ষণ হ’ব পাৰে। গতিকে দীৰ্ঘদিন প্ৰস্ৰাৱৰ লগত জড়িত সমস্যাই দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
অন্য খবৰ পঢ়ক- ডায়েবেটিছ নহয়! বাৰে বাৰে প্ৰস্ৰাৱ অহাৰ আঁৰত থাকিব পাৰে এই ডাঙৰ কাৰণ, জানক চিকিৎসকৰ পৰা…