শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Krishna Janmashtami 2025 Wishes: ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনলৈ প্ৰেৰণ কৰক ভক্তি বাৰ্তা

প্ৰতি বছৰে ভগৱান কৃষ্ণৰ জন্মদিন অতি আড়ম্বৰ আৰু প্ৰদৰ্শনেৰে পালন কৰা হয়। এই দিনটোত ভক্তই ভজন গায়, আৰু ব্ৰত পালন কৰে। এই বিশেষ অনুষ্ঠানত ইজনে সিজনক শুভেচ্ছা জনোৱাৰো পৰম্পৰাও আছে। আমি আপোনালোকৰ বাবেও লৈ আহিছো উত্তম বাৰ্তা, যিবোৰ আপুনি এই জন্মাষ্টমীত আপোনাৰ আপোনজনলৈ প্ৰেৰণ কৰিব পাৰে।

Krishna Janmashtami 2025 Wishes: ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত আপোনজনলৈ প্ৰেৰণ কৰক ভক্তি বাৰ্তা
জন্মাষ্টমীত আপোনজনলৈ প্ৰেৰণ কৰক ভক্তি বাৰ্তাImage Credit source: tv9 bangla
barasha-misra
Barasha Misra | Updated On: 16 Aug 2025 11:56 AM

ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিন অৰ্থাৎ জন্মাষ্টমী অতি আনন্দৰে পালন কৰা হয়। এই দিনটো হিন্দু ধৰ্মত অতি বিশেষ বুলি গণ্য কৰা হয়। এইবাৰ ১৬ আগষ্টত জন্মাষ্টমী উৎসৱ পালন কৰা হৈছে। এই দিনটো অতি আড়ম্বৰেৰে পালন কৰা হয়। এই বিশেষ অনুষ্ঠানত ৰাইজেও ইজনে সিজনক জন্মাষ্টমীৰ শুভেচ্ছা জনায়। য’ত ৰাইজে ভক্তিমূলক বাৰ্তা, কবিতা আৰু শুভেচ্ছা প্ৰেৰণ কৰে।

অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে। শাওণ মাহত অসমত জন্মাষ্টমী পালন নকৰে। এইবাৰ ১৬ আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয়। কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজীৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ, এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ১৬ আগষ্ট শনিবাৰে বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দৰে পালন কৰা হ’ব।

জন্মাষ্টমীৰ দিনা শুভেচ্ছা প্ৰেৰণ কৰাৰ উপৰিও ভক্তসকলে দিনটো ঘৰতে ভজন আৰু কীৰ্তন গায়। কৃষ্ণৰ প্ৰিয় ব্যঞ্জন প্ৰস্তুত কৰে। আপুনিও ত্ৰিজগতৰ পতি শ্ৰীকৃষ্ণৰ জন্মাষ্টমীত এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক ভক্তিমূলক বাৰ্তা…

  1. বাঁহীৰ প্ৰতিটো মধুৰ সুৰ, আৰু কৃষ্ণৰ মনোমোহা মুখ,যিয়ে ভক্তৰ হৃদয়ত পেলায় জুৰ। জন্মাষ্টমীৰ শুভেচ্ছা
  2. গোপালৰ জন্মই পৃথিৱী আলোকিত কৰে, মাখন চোৰক সকলোৱে মৰম কৰে… জন্মাষ্টমীত প্ৰত্যেকৰে হৃদয়ত গোপালৰ ভক্তি ফুল ফুলি উঠক…
  3. নন্দৰ ঘৰত আনন্দ, ব্ৰজৰ প্ৰতিটো স্থানতে শ্ৰীকৃষ্ণৰ প্ৰতিধ্বনি, জন্মাষ্টমীৰ শুভেচ্ছা…
  4. জন্মাষ্টমী উপলক্ষে প্ৰভু শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত শত কোটি প্ৰণাম জনোৱাৰ লগতে সমূহ ধৰ্মপ্ৰাণ ৰাইজক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
  5. তেজৰে কমলাপতি পৰভাতে নিন্দ । তেৰি চান্দ মুখ পেখো উঠৰে গোৱিন্দ… পবিত্র জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ৷ প্ৰভূৰ আশীর্বাদে সকলোকে সুস্থ-সৱল কৰি ৰাখক।