শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Janmashtami 2025: অসমত জন্মাষ্টমী কেনেদৰে পালন কৰা হয়? জানক এইসমূহ নিয়ম

সমাগত শ্ৰী কৃষ্ণৰ জন্মাষ্টমী। দেশৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ অসমতো ব্যতিক্ৰমী কাৰ্যসূচীৰে পালন কৰা হয় জন্মাষ্টমী মহোৎসৱ। কিন্তু অসমত পালন কৰাৰ নিয়ম আৰু তাৰিখৰ কিছু অমিল আছে।

Janmashtami 2025: অসমত জন্মাষ্টমী কেনেদৰে পালন কৰা হয়? জানক এইসমূহ নিয়ম
অসমত জন্মাষ্টমী কেনেদৰে পালন কৰা হয়?
barasha-misra
Barasha Misra | Published: 14 Aug 2025 12:15 PM

জন্মাষ্টমী হৈছে হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ বাৰ্ষিক জন্মোৎসৱ। ইয়াক কৃষ্ণ জন্মাষ্টমী, কৃষ্ণাষ্টমী, গকুলাষ্টমী, অষ্টমী ৰোহিণী, শ্ৰীকৃষ্ণ জয়ন্তী আদি নামেৰেও জনা যায়।

এই উৎসৱ হিন্দু বৰ্ষপঞ্জীমতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত (গ্ৰেগৰিয়ান বৰ্ষপঞ্জীমতে আগষ্ট-ছেপ্টেম্বৰ) পালন কৰা হয়। কৃষ্ণৰ জীৱনৰ নাটকীয় উপস্থাপন ৰাস লীলা মথুৰা, বৃন্দাবন, মণিপুৰ আদি ঠাইত এই উৎসৱৰ লগতে কৰা হয়।  অসমৰ বাহিৰত Dahi Handi প্ৰথাত কৃষ্ণৰ দুষ্ট স্বভাৱ প্ৰতিফলিত কৰা হয় য’ত কেইবাজনো ল’ৰা মিলি ওখ ঠাইত বান্ধি থোৱা মাখনৰ টেকেলী ভাঙিবলৈ চেষ্টা কৰে। এই পৰম্পৰাক তামিলনাডুত উৰিয়াদি নামৰে পালন কৰা হয়। কৃষ্ণৰ জন্ম হওঁতে নন্দই সকলোকে উপহাৰ বিলোৱাৰ কাহিনী উদ্‌যাপন কৰিবলৈ কৃষ্ণ জন্মাষ্টমীৰ পাছত বহু ঠাইত নন্দোৎসৱ পালন কৰা হয়।

কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। শ্ৰীকৃষ্ণৰ জন্ম দিন অসমীয়া বৈষ্ণৱ ধৰ্মালম্বী লোকসকলে জনমাষ্টমীৰ দিনা ৰাতি দহ মান বজাৰ পৰা কৃষ্ণক সুঁৱৰি মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দ্বাৰা ৰচিত নাম ঘোষা ৰাগ গায়। এইদৰে ভক্তসকলে কৃষ্ণৰ আনন্দত মতলীয়া হয় আৰু ৰাতি বাৰ বজাৰ লগে লগে কৃষ্ণ জন্ম হোৱা বুলি কেঁচুৱা সন্তানে কন্দাৰ নিচিনা এটা শব্দ সৃষ্টি কৰে। এই নাম প্ৰসংগ পিছৰ দিনৰ ৰাতিপুৱালৈকে চলে। শেষত সকলোৱে ভগৱানৰ নামত আগবঢ়োৱা শৰাইৰ প্ৰসাদ খায়। পূৰ্ব পুৰুষ সকলৰ মতে এই জন্মাষ্টমী নাম গোৱা প্ৰথা বৈষ্ণৱযুগৰ পৰাই চলি আহিছে।

অসমত ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিহে জন্মাষ্টমী পালন কৰাৰ নিয়ম আছে। শাওণ মাহত অসমত জন্মাষ্টমী পালন নকৰে। এইবাৰ ১৬ আগষ্টত অসমত জন্মাষ্টমী পালন কৰা নহয়। কালচক্ৰ পুৰ্ণাংগ পঞ্জিকা অনুসৰি অসমত ২৮ ভাদত পালন কৰা হ’ব শ্ৰীকৃষ্ণৰ জন্মাষ্টমী। ইংৰাজীৰ তাৰিখ অনুসৰি ১৪ ছেপ্তেম্বৰ, এই দিনটোত ৰাজ্য চৰকাৰেও চৰকাৰী বন্ধ ঘোষণা কৰিছে। ১৬ আগষ্ট শনিবাৰে বৃন্দাবনকে ধৰি ব্ৰজধামত কৃষ্ণ জন্মাষ্টমী উৎসৱ অতি আনন্দৰে পালন কৰা হ’ব।

অৱশ্যে অসমৰ বিভিন্ন কৃষ্ণ মন্দিৰত জন্মাষ্টমী মহোৎসৱ দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয়। ধৰ্মধজ্জা উত্তোলন আৰু বন্তি প্ৰজ্বলন, বৃক্ষৰোপণ আৰু পিছত ধৰ্মীয় শোভাযাত্ৰা উলিয়াই স্থানীয় ৰাইজে। এই ধৰ্মীয় শোভাযাত্ৰাত অংশ লৈ ৰাইজে হৰিনামেৰে মুখৰিত কৰে চৌদিশ।

অসমত কৃষ্ণ দেৱতাৰ প্ৰতি উৎসর্গীকৃত কেইবাটাও বিখ্যাত মন্দিৰ আছে। ইয়াৰে ভিতৰত দৌল গোবিন্দ মন্দিৰ, সৰভোগৰ গৰখীয়া গোঁসাইৰ থান আৰু হৰে কৃষ্ণ মন্দিৰ (ইসকন) উল্লেখযোগ্য। এই পুৰণি মন্দিৰসমূহত ধুমধামেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰে।

লগতে পঢ়ক- অসমত কেতিয়া শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰিব?