Kati Bihu 2025: আপোনজন তথা বন্ধু-বান্ধৱীলৈ এইদৰে প্ৰেৰণ কৰক কাতি বিহুৰ শুভ বাৰ্তা…
এইবাৰ ১৮ অক্টোবৰ, শনিবাৰে পালন কৰা হ'ব কাতি বিহু। এই বিশেষ দিনটোত আপুনিও আপোনাৰ পৰিয়াল, বন্ধু অথবা প্ৰিয়জনলৈ পঠাব পাৰে এটি সমধুৰ বাৰ্তা। বছৰটো ভালদৰে যাবলৈ এইদৰে দিব পাৰে মংগল বাৰ্তা -

কাতি বিহুৰ মংগল বাৰ্তাImage Credit source: Getty images
অসমীয়াৰ প্ৰাণৰ উৎসৱ কাতি বা কঙালী বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে । ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসীৰ গূৰিত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত চাকি জ্বলাই।
এইবাৰ ১৮ অক্টোবৰ, শনিবাৰে পালন কৰা হ’ব কাতি বিহু। এই বিশেষ দিনটোত আপুনিও আপোনাৰ পৰিয়াল, বন্ধু অথবা প্ৰিয়জনলৈ পঠাব পাৰে এটি সমধুৰ বাৰ্তা। বছৰটো ভালদৰে যাবলৈ এইদৰে মংগল বাৰ্তা দিব পাৰে –
- ‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে।’ কাতি বিহুৰ দিনটোত আপোনাৰ মংগল কামনা কৰিলো।
- তুলসী তলৰ বন্তি গছিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজলাই তোলক আপোনাৰ জীৱন। কাতি বিহুৰ উলগ…
- ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহু শুভকামনা…
- তুলসীৰ তলৰ চাকিটিৰ দৰেই আন্ধাৰৰ মাজতে জিলিকি উঠক সকলোৰে জীৱন। সকলোৰে শ্ৰীবৃদ্ধি কামনা কৰিলো…
- সোণোৱালী হওঁক সকলোৰে খেতি পথাৰ। আপোনাৰ লগতে পৰিয়ালৰ সকলোলৈ কাতি বিহুৰ শুভকামনা…
- ফচলৰে উপচি পৰক সকলোৰে ভঁৰাল। সকলোৰে জীৱনলৈ আহক সুখৰ বতৰা।কাতি বিহুৰ অলেখ শুভকামনা!
- কঙালী কাতিয়ে আনক ভোগৰ বতৰা। সকলোলৈ কাতি বিহুৰ উলগ জনালো…
- কঙালীৰ গৰ্ভতে অংকুৰিত হওক ভোগালীৰ বীজ। কাতি বিহু উপলক্ষে আপোনাৰ লগতে পৰিয়ালৰ বাবে মংগল কামনা কৰিলো।
- কাতি বিহুৰ আকাশবন্তিৰ পোহৰে উজলাই তোলক কৃষিজীৱি ৰাইজৰ সপোন, উৰ্বৰা হৈ উঠক প্ৰতিখন খেতিপথাৰ আৰু ফচলেৰে ভৰি পৰক হেঁপাহৰ ভঁৰাল।
- সোণগুটিৰে ভৰি পৰক কৃষিজীৱী অসমীয়াৰ পথাৰ, ধন-ধানেৰে উপচি পৰক ভঁৰাল। কাতি বিহুৰ আন্তৰিক শুভকামনা…
লগতে পঢ়ক: কিয় পালন কৰা হয় কাতি বিহু ? ইয়াৰ আঁৰৰ পৰম্পৰা, তাৎপৰ্য, লোকাচাৰ সকলো জানক..