Kati Bihu 2025: কিয় পালন কৰা হয় কাতি বিহু? ইয়াৰ আঁৰৰ পৰম্পৰা, তাৎপৰ্য, লোকাচাৰ সকলো জানক..
কাতি মাহত কৃযিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে। কিন্তু এই শৰতৰ বতৰতে কৃষকৰ হেপাহৰ ধাননি ডৰাত ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷ কোনোডৰা ধান আকৌ কলপক ধৰে ৷ এই সময়তে পথাৰত শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় ৷

অসমীয়াৰ প্ৰাণৰ উৎসৱ বিহু। পিছে আন দুটা বিহুৰ তুলনাত কাতি অথবা কঙালী কিছু পৃথক। কাতি বিহুত নাথাকে উলহ-মালহ, নাথাকে ভোগ-প্ৰাচুৰ্য। সেয়েহে এই বিহুটিক কোৱা হয় কঙালী বুলি। তথাপিও অসমীয়াৰ প্ৰাণৰ কাতি বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎকালীয় এই কাতি বিহু যেন শৰতৰ হৰেই স্নিগ্ধ সমাহিত ৰূপত অৱিৰ্ভাৱ হয়।
আহিন আৰু কাতিৰ দোমাহীৰ দিনটো অসমীয়া লোক সমাজে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা কাতি বিহু হিচাপে পালন কৰি আহিছে।ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা । অসমীয়া জনজীৱনক সুকীয়া মৰ্যাদা প্ৰদান কৰি আহিছে কাতি বিহুৰ প্ৰচলিত লোকাচাৰসমূহে । বিভিন্ন কৃষি সম্পৰ্কীয় বিশ্বাস, ধৰ্মীয় তথা আধ্যাত্মিক বিশ্বাস কাতি বিহুৰ সৈতে তাহানিৰে পৰা নিবিড়ভাৱে জড়িত হৈ আছে ।
কাতি বিহু পালনৰ তাৎপৰ্য
কাতি মাহত কৃযিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে। কিন্তু এই শৰতৰ বতৰতে কৃষকৰ হেপাহৰ ধাননি ডৰাত ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷ কোনোডৰা ধান আকৌ কলপক ধৰে ৷ এই সময়তে পথাৰত শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় ৷ পোক-পৰুৱা, চৰাই-চিৰিকটি, নিগনি-এন্দুৰৰ লগতে প্ৰাকৃতিক উপসৰ্গসমূহে লহপহকৈ বাঢ়ি অহা ধাননি ডৰাৰ যাতে অপকাৰ সাধিব নোৱাৰে, তাৰ বাবে খেতিয়ক সজাগ হৈ থাকে । শস্যৰ ৰক্ষাৰ বাবে বিধি-বিধান পালন কৰে ।
তুলসীৰ তলত চাকি
‘‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ।’’ কাতি বিহুৰ দিনাই অসমীয়া প্ৰত্যেকৰে চোতালৰ আগত সুন্দৰ ভেটি বনাই তাত এজোপা তুলসী গছ ৰোৱে। সন্ধিয়া তুলসীৰ তলত চাকি জ্বলায় নৈবাদ্য আগবঢ়োৱা হয়। কাতি বিহুৰ আটাইতকৈ মনোৰম আৰু উপভোগ্য অনুষ্ঠানটো হ’ল তুলসী তলৰ গধূলি । আধ্যাত্মিক নীতি-নিয়মেৰে ভৰপূৰ এই অনুষ্ঠানত মাহ-প্ৰসাদৰ শৰাই নিবেদন কৰি তুলসী দেৱীৰ নাম লোৱা হয় । ধূপ-ধূনাৰ সুবাস বতাহত বিয়পি থাকে । চুবুৰীবোৰত হৰিনামৰ ধ্বনিয়ে আকশ-বতাহ কঁপায় । ঘৰে ঘৰে গৈ ল’ৰা-ছোৱালীহঁতে তুলসী তলত নাম গায় আৰু প্ৰসাদ গ্ৰহণ কৰে ৷
সন্ধিয়া তুলসী তলৰ উপৰিও গোঁসাই ঘৰ, ভঁৰাল ঘৰ, ধাননি-পথাৰ, ঢেঁকীশাল, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত মাটিৰ চাকি জ্বলোৱা হয় । চাকি জ্বলোৱাৰ উদ্দেশ্যে দিনৰ ভাগতে মাটিৰ চাকি আৰু শলিতা যোগাৰ কৰি থয় । গাঁও অঞ্চলৰ পথাৰবোৰত মাটিৰ চাকিৰ পৰিৱৰ্তে বহুতে অমিতা ফালি বা ঔটেঙাৰ বকলা, নাৰিকলৰ খোলা ব্যৱহাৰ কৰিও চাকি জ্বলায় । এই কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহটোত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায় ।
কাতি বিহুৰ মূল উপাদান স্বৰূপ তুলসী গছৰ বৈজ্ঞানিক প্ৰমাণযোগ্য ব্যৱহাৰ মানৱ জীৱনৰ বাবে বৰ উপকাৰী । তুলসীৰ সৈতে অনেক পৌৰাণিক কাহিনী জড়িত হৈ আছে । আয়ুৰ্বেদত আছে য’ত তুলসী থাকে সেই ঠাইত মহ-মাখি আদি থাকিব নোৱাৰে । সেয়ে হয়তো তুলসী গছক এতিয়াও বন্তি জ্বলাই ভক্তি জনোৱা হয় । আনহাতে অসমীয়া ৰাইজে তুলসীক লখিমী হিচাপে গণ্য কৰে। লখিমী সন্তষ্ট হ’লেই সকলো দুখ-দুৰ্দশাৰ পৰা গৃহস্থই পৰিত্ৰাণ পায় বুলি গঞাই বিশ্বাস কৰে ।
আকাশবন্তি
কাতি বিহুৰ দিনা মানুহে আকাশবন্তি জ্বলায়। তুলসীৰ তলত নাম গায়। ভঁৰাল, ঢেঁকীশাল, ধোৱা চাং, ধাননি পথাৰ, গোহালি, হাঁহ-ছাগলীৰ গঁড়ালৰ সন্মুখত চাকি জ্বলাই। অকল বিহুৰ দিনাই নহয়, গোটেই কাতি মাহটোৱে গধূলি নাম -প্ৰসংগ কৰি কটোৱা হয়। প্ৰকৃতিৰ সদায় নিৰ্ভৰশীল খেতিয়কে সোণালী সপোন স্বৰুপ পথাৰৰ ধান নিতৰাৰ মংগলৰ কাৰণে পথাৰ-ভৰাঁল আৰু তুলসীৰ তলত চাকি জ্বলাই। পথাৰৰ লখিমীক ভৰাঁললৈ অহাৰ- বাট দেখুৱাই আকাশ বন্তি জ্বলায়।