শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
কাতি বিহু

কাতি বিহু

কাতি বিহু বা কঙালী বিহু অসমৰ জাতীয় উৎসৱ বিহু তিনিটাৰ অন্যতম। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু শালি ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ-অনাটনৰে ভৰা এই সময়ত উদযাপিত হোৱাৰ বাবে কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসীৰ পুলি ৰুই গধূলি তাৰ গুৰিত চাকি জ্বলাই নাম গায়। ইয়াৰ লগতে ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতিপথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। কোনো কোনো ঠাইত আকাশ বন্তিয়ো জ্বলোৱা হয়। কঙালী বিহুত উলহ-মালহ আৰু ভোগ-প্ৰাচুৰ্য বেছিকৈ নাথাকে। কিন্তু কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।

Read More

Kati Bihu: ধনে-ধানে ভৰক আপোনাৰ ঘৰ… কাতি বিহুত এইদৰে সকলোৰে মংগল কামনা কৰক

আজি কাতি বিহু। যদিও কাতি মাহত ভোগ আৰু আনন্দৰ বিপৰীতে অনুষ্টুপীয়াকৈ পালন কৰে তথাপিও বছৰটো ভালদৰে যাবলৈ পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীৰ ঘৰ ধান-ধনেৰে নদন-বদন হ'বলৈ মংগল কামনা কৰক।

Kati Bihu: আজি কাতি বিহু, তুলসী তলৰ চাকি–আকাশ বন্তিৰে উজলিব অসম, শস্যৰ শ্ৰীবৃদ্ধি কামনা প্ৰতিজন অসমীয়াৰ

আজি কাতি বিহু। অসমীয়াৰ তিনি বিহুৰ অন্যতম হ’ল এই কঙালী বিহু। তুলসী তলৰ চাকিগছি আৰু আকাশ বন্তিৰে উদ্ভাসিত হ’ব সমগ্ৰ অসম। শস্যৰ শ্ৰীবৃদ্ধিৰ কামনা কৰিব প্ৰতিজন অসমীয়াই।

Kati Bihu 2024: কাতি বিহুত তুলসী ৰোপনৰ সময়ত নকৰিব এই ভুল, অভাৱে দেখা দিব আপোনাৰ ঘৰত!

কাইলৈ কাতি বিহু। এয়া জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

Kati Bihu Wishes 2025: বন্ধু-বান্ধৱী তথা আপোনজনলৈ এইদৰে প্ৰেৰণ কৰক কাতি বিহুৰ শুভ বাৰ্তা…

এইবাৰ ১৮ অক্টোবৰ, শনিবাৰে পালন কৰা হ'ব কাতি বিহু। এই বিশেষ দিনটোত আপুনিও আপোনাৰ পৰিয়াল, বন্ধু অথবা প্ৰিয়জনলৈ পঠাব পাৰে এটি সমধুৰ বাৰ্তা। বছৰটো ভালদৰে যাবলৈ এইদৰে দিব পাৰে মংগল বাৰ্তা -

Kati Bihu Wishes: এনেদৰে আপোনজনক প্ৰেৰণ কৰক কাতি বিহুৰ শুভকামনা…

Kati Bihu Wishes: অসমীয়াৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। অসমীয়াৰ ৩ বিহুৰ ভিতৰত অন্যতম এই বিহু।

কাতি বিহুত আকাশ বন্তি জ্বলোৱাৰ পৰম্পৰাৰ বিষয়ে জানো আহক

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়।

Kati Bihu 2025: কাতি বিহু কেতিয়া? ইয়াৰ আঁৰৰ পৰম্পৰা, তাৎপৰ্য, লোকাচাৰ সকলো জানক..

কাতি মাহত কৃযিজীৱী অসমীয়াৰ ভঁৰাল উদং হৈ আহে। কিন্তু এই শৰতৰ বতৰতে কৃষকৰ হেপাহৰ ধাননি ডৰাত ধানৰ থোকবোৰে বতাহত হালিবলৈ আৰম্ভ কৰে ৷ কোনোডৰা ধান আকৌ কলপক ধৰে ৷ এই সময়তে পথাৰত শস্য নষ্টকাৰী কীট-পতংগৰো উপদ্ৰৱ বেছি হয় ৷

Kati Bihu 2025: কাতি বিহু কেতিয়া? জানক তাৰিখ আৰু এই দিনটোৰ তাৎপৰ্য

‘তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই হৰধনু ধৰে ।’ কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । আহিনৰ শেষ দিনটো আমাৰ লোক সমাজে আলোকৰ উৎসৱ হিচাপে বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰে পৰা পালন কৰি আহিছে । এই বিহুৰ স’তে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি ।

Kati Bihu: বাপতিসাহোন কাতি বিহুৰ পৰম্পৰা ৰক্ষা কৰি তুলসী তলত চাকি দিলে আইমী বৰুৱাই, সন্তানৰ সৈতে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিলে ফটো

আজি কাতি বিহু। প্ৰতিজন অসমীয়াই পৰিয়ালৰ লগতে সকলোৰে মংগল কামনা কৰাৰ লগতে শস্যৰ শ্ৰীবৃদ্ধি কামনা কৰি তুলসী তলত চাকি বন্তি লগাইছে।

Kati Bihu Wishes: আজি কাতি বিহু, এইদৰে আপোনজনলৈ প্ৰেৰণ কৰক শুভেচ্ছা বাৰ্তা…

বিহু অসমীয়াৰ প্ৰাণৰ উৎসৱ যদিও অসমবাসীয়ে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ পালন কৰে । ইয়াৰ সৈতে সাঙোৰ খাই আছে আমাৰ জাতীয় কৃষ্টি-সংস্কৃতি আৰু কেতবোৰ পৰম্পৰা ।এই বিহুৰ দিনা মানুহে আকাশৰন্তি জ্বলায়। তুলসীৰ তলত নাম গায়।

kati bihu: আজি কাতি বিহু, জানক এই বিহুৰ তাৎপৰ্য, পৰম্পৰা আদি সকলো…

Kati bihu 2024: আজি কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ বিহু পালন কৰিবলৈ ইতিমধ্যে সাজু হৈছে অসমবাসী। এই সময়চোৱাত কৃষক ৰাইজৰ ভঁৰাল উদং হৈ থাকে। যাৰ বাবে অনুষ্টুপীয়াকৈ এই বিহু পালন কৰা হয়।

Kati Bihu: কিয় পালন কৰা হয় কাতি বিহু? ইয়াৰ আঁৰত থকা পৰম্পৰাৰ বিষয়ে সবিশেষ জানক..

কাতি বিহুত নাথাকে উলহ-মালহ, নাথাকে ভোগ-প্ৰচুৰ্যও। সেয়েহে এই বিহুটিক কোৱা হয় কঙালী বুলি। তথাপিও অসমীয়াৰ প্ৰাণৰ কাতি বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎকালীয় এই কাতি বিহু যেন শৰতৰ হৰেই স্নিগ্ধ সমাহিত ৰূপত অৱিৰ্ভাৱ হয়।

Kati Bihu 2024: কাইলৈ কাতি বিহু, তুলসী গছ ৰোপনৰ সময়ত নকৰিব এই ভুল

কঙালী বুলিলে এই বিহুটি তাৎপৰ্যহীন নহয়। ধৰ্মীয় আচাৰ-অনুষ্ঠানেৰে শৰৎ কালৰ এই কাতি বিহু শৰতৰ দৰে স্নিগ্ধ সমাহিত বুলি গণ্য কৰা হয়। এইদৰে প্ৰাচুৰ্যৰ অহংকাৰ নাশ হ’লে মানুহৰ অন্তৰ আধ্যাত্মিকতাৰ জ্যোতিৰে আলোকিত হয় বুলি বিশ্বাস কৰা হয়।

Kati Bihu 2024: সমাগত কাতি বিহু, জানক তাৎপৰ্য, তাৰিখ আৰু কাতি বিহুৰ মংগল বাৰ্তা

কাতি বিহু জাতীয় জীৱনৰ প্ৰাণৰ উৎসৱ । ৰাইজে কাতি বিহু ভোগ আৰু আনন্দৰ বিপৰীতে সীমিত ৰুপত অনুষ্টুপীয়াকৈ অনাড়ম্বৰ ভাৱে পালন কৰে । এই সময়তে সৰহ ভাগ খেতিয়কৰ ভঁৰাল উদং হয়, অভাৱ – অনাটনে কৃষক ৰাইঅজক হেঁচি ধৰে । সেয়েহে নিৰানন্দ আৰু হতাশাৰ মাজতো কাতি বিহু প্ৰাচীন কালৰে পৰা কৃষিজীৱী গঞাই শস্যৰ মংগলৰ অৰ্থে বিবিধ নিয়মেৰে পালন কৰি আহিছে ।

Kati Bihu 2024: কাতি বিহুত আকাশ বন্তি কিয় জ্বলায়? এই বিহুৰ নীতি-নিয়ম তথা পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদূলিমুৰতো লগোৱা হয়।