শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

অত্যধিক মূৰৰ বিষৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ে দিব সকাহ, জানক…

Headache Relieve: আজিকালি বহু মানুহে মূৰৰ বিষৰ সমস্যাত ভোগা দেখা যায়। অত্যধিক কামৰ হেঁচা, জীৱনশৈলী বা বিভিন্ন কামত মূৰৰ বিষ হ'ব পাৰে। কিন্তু কিছুমান সহজ উপায়ে মূৰৰ বিষৰ সমস্যাৰ পৰা সকাহ দিব পাৰে।

অত্যধিক মূৰৰ বিষৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ে দিব সকাহ, জানক…
মূৰৰ বিষImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Oct 2025 15:46 PM

আজিকালি বহু মানুহে মূৰৰ বিষৰ সমস্যাত ভোগা দেখা যায়। স্থায়ী মূৰৰ বিষে মাইগ্ৰেইন বা উচ্চ ৰক্তচাপৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত বাবা ৰামদেৱে কিছুমান এনে সহজ যোগাসনৰ কথা উল্লেখ কৰিছে যিয়ে মূৰৰ বিষ দূৰ কৰাত সহায় কৰে। মূৰৰ বিষ ঠিক কৰাৰ লগতে ই মন শান্ত কৰে আৰু ৰক্ত সঞ্চালন উন্নত কৰে।

মূৰৰ বিষৰ বিভিন্ন কাৰণ থাকিব পাৰে। মানসিক চাপ আৰু টোপনিৰ অভাৱ মূৰৰ বিষৰ সাধাৰণ কাৰণ। ইয়াৰোপৰি স্ক্ৰীণত বেছি সময়ত থকা, চকুক কষ্ট দিয়া, পানীৰ অভাৱ আদিৰ ফলতো এই সমস্যা হব পাৰে। কেফেইন বা জাংক ফুড খোৱা, তীব্ৰ শব্দ বা উজ্জ্বল পোহৰৰ সংস্পৰ্শলৈ অহা, ডিঙি আৰু কান্ধ জঠৰ হোৱা বা ভুল ভংগীমাত বহি থকা আদিয়েও মূৰৰ কৰিব পাৰে।

মূৰৰ বিষৰ বাবে যোগাসন

ভ্ৰামাৰীঃ এই আসনে মূৰৰ বিষ আৰু মাইগ্ৰেইনৰ বাবে অতি উপকাৰী। এই আসন কৰিলে দীঘলকৈ উশাহ লৈ মৌমাখিৰ দৰে গুণগণনি শব্দ কৰিব লাগে। এনে কৰিলে মন শান্ত হয়।

অনুলোম-বিলমঃ এই আসনে শৰীৰৰ অক্সিজেন পৰিবহন ক্ষমতা শক্তিশালী কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। ই মগজুৰ ভাগৰ কমায়। ই মানসিক চাপ কম কৰাতো অতি ফলপ্ৰসূ।

শীতলিঃ এই আসনত জিভাখন নলীৰ দৰে ঘূৰণীয়া কৰি মুখৰ মাজেৰে উশাহ লৈ নাকেৰে উশাহ এৰি দিব লাগে। এই আসনে খং কমাই আৰু মানসিক চাপ কম কৰাত সহায় কৰে।

শ্বীতকাৰীঃ এই আসনত দাঁত সামান্য খোলা ৰাখি উশাহ ল’ব লাগে আৰু নাকেৰে এৰি দিব লাগে। ই শৰীৰ আৰু মন শান্ত কৰি ৰাখে।

উল্লেখ্য যে, এই আসনবোৰ পুৱা খালী পেট বা সন্ধিয়া কৰিব পাৰে। প্ৰথম অৱস্থাত ৫-১০ মিনিটৰ পৰা আৰম্ভ কৰি লাহে লাহে সময় বৃদ্ধি কৰিব লাগে।

গুৰুত্বপূৰ্ণ

  • পৰ্যাপ্ত টোপনি।
  • পৰ্যাপ্ত পানী খাওক।
  • মানসিক চাপ কম কৰক।
  • যোগাসন কৰক।
  • সুষম খাদ্য গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ কোনসকল লোকৰ হাৰ্ট ফেইলৰ আশংকা বেছি? জানক ইয়াৰ লক্ষণ আৰু সকলো…