শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কোনসকল লোকৰ হাৰ্ট ফেইলৰ আশংকা বেছি? জানক ইয়াৰ লক্ষণ আৰু সকলো…

Heart Fail Symptoms: হাৰ্ট ফেইল এক ডাঙৰ সমস্যা। কেতিয়াবা এই সমস্যা লাহে লাহে আৰু কেতিয়াবা হঠাতে হয়। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

কোনসকল লোকৰ হাৰ্ট ফেইলৰ আশংকা বেছি? জানক ইয়াৰ লক্ষণ আৰু সকলো…
হাৰ্ট ফেইলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Oct 2025 15:05 PM

আজিকালি মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা বৃদ্ধি হোৱা দেখা যায়। বিভিন্ন সমস্যাৰ ভিতৰত হাৰ্ট ফেইল বা হৃদযন্ত্ৰ বিকল হোৱা অন্যতম। যেতিয়া এই সমস্যা হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে এইবোৰ সাধাৰণ বুলি আওকান কৰি চলে। এই সন্দৰ্ভত সবিশেষ জনাইছে ৰাছিয়াৰ হৃদৰোগ বিশেষজ্ঞ ডাঃ দিমিত্ৰী ইয়াৰানভে। তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট কৰি এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰিছে।

হৃদযন্ত্ৰ বিকল কি

যেতিয়া হৃদযন্ত্ৰই পৰ্যাপ্ত পৰিমাণৰ তেজ পাম্প কৰিব নোৱাৰে এই অৱস্থাটোক হৃদযন্ত্ৰ বিকল হোৱা বুলি হয়। এই সমস্যা লাহে লাহে বা কেতিয়াবা হঠাতে আহিব পাৰে। এই ৰোগ হলে শৰীৰে বিভিন্ন লক্ষণে দেখা দিয়ে।

লক্ষণ

  1. উশাহত কষ্টঃ সাধাৰণ কাম কৰোতে উশাহত কষ্ট অনুভৱ কৰিব পাৰে। চিৰি বগোৱা, খোজ কঢ়া আনকি শুই থকাৰ সময়তো উশাহ-নিশাহত কষ্ট পাব পাৰে।
  2. ভাগৰঃ অত্যন্ত ভাগৰ অনুভৱ কৰিব পাৰে। কোনো বিশেষ কাম নকৰাকৈ বা জিৰণি লোৱাৰ পাছতো অহৰহ ভাগৰ অনুভৱ কৰিব পাৰে।
  3. ভৰি ফুলাঃ ভৰি ফুলা হৃদযন্ত্ৰ বিকল হোৱাৰ এক লক্ষণ হব পাৰে। এই অৱস্থাত ভৰিৰ পতা, গোৰোহা, ভৰি আদি ফুলিব পাৰে।
  4. হৃদস্পন্দনঃ এই অৱস্থাত হৃদস্পন্দন অস্বাভাৱিক হব পাৰে। বহু সময়ত হৃদস্পন্দন অধিক দ্ৰুত হোৱা দেখা যায়।
  5. কাহ, হুমুনিয়াহ কাঢ়ি থকাঃ বহু সময়ত কাহ হৈ থকা আৰু হুমুনিয়াহ কাঢ়ি থকা এই সমস্যাৰ লক্ষণ হ’ব পাৰে।

ইয়াৰোপৰি বুকুৰ বিষ, মূৰ ঘূৰোৱা, কথা পাহৰি যোৱা আদি হাৰ্ট ফেইলৰ লক্ষণ হ’ব পাৰে।

কোনসকল লোকৰ আশংকা বেছি

যিকোনো মানুহৰ হাৰ্ট ফেইল হ’ব পাৰে। কিন্তু কিছুমান লোকৰ ক্ষেত্ৰত ইয়াৰ আশংকা অধিক। যিসকল লোকৰ উচ্চ ৰক্তচাপ, হৃদৰোগ বা ব্লকেজৰ সমস্যা, ডায়েবেটিছ,মেদবহুলতা আদিৰ সমস্যা আছে তেনে লোকৰ এই লোকৰ সম্ভাৱনা বেছি। ইয়াৰোপৰি ধূমপান, অধিক মাত্ৰাত সুৰাপান কৰাসকলৰ হৃদযন্ত্ৰ দুৰ্বল হয়। এনে লোকৰো আশংকা বেছি।

পৰিত্ৰাণৰ উপায়

  • উন্নত জীৱনশৈলী
  • ভাল খাদ্যভাস
  • ব্যায়াম
  • ওজন নিয়ন্ত্ৰণ
  • কম নিখম খোৱা
  • ধূমপান, সুৰাপান ত্যাগ কৰা আদি।

যদি ওপৰৰ কিবা সমস্যাই দীৰ্ঘদিন ধৰি দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব লাগে। সঠিক সময়ত চিকিৎসা কৰিব পৰাতো ভাল।

 

অন্য খবৰ পঢ়কঃ হাঁপানী ৰোগৰ প্ৰাৰম্ভিক লক্ষণ কি কি? জানক চিকিৎসকৰ পৰা…